অসম

assam

ETV Bharat / bharat

আজি ঘোষণা হ’ব ঝাৰখণ্ড-মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দিন; অসমত উপ-নিৰ্বাচন কেতিয়া ?

Election date announcement: ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন কেতিয়া ? অসমৰ পাচঁটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ব নে ?

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 11:50 AM IST

Election date announcement
ঝাৰখণ্ড বিধানসভা নিৰ্বাচন (ETV Bharat)

নিউজ ডেস্ক, ১৫ অক্টোবৰ:ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হ'ব । নিৰ্বাচন আয়োগে ইতিমধ্য়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । নিৰ্বাচন আয়োগে মঙলবাৰে আবেলি ৩.৩০ বজাত ঝাৰখণ্ডৰ লগতে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব । দিল্লীৰ বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত বিয়লি ৩.৩০ বজাত এখন সংবাদমেলৰ আহ্বান জনাইছে নিৰ্বাচনী সংস্থাৰ বিষয়াসকলে ।

নিৰ্বাচন আয়োগৰ ঘোষণাৰ লগে লগে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হ'ব । ইপিনে, অসমৰ পাচঁটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনো ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

২৬ নৱেম্বৰত মহাৰাষ্ট্ৰৰ আৰু ৫ জানুৱাৰীত ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব-

বৰ্তমানৰ মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অহা ২৬ নৱেম্বৰত অন্ত পৰিব । ইপিনে, ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহা ৫ জানুৱাৰীত সমাপ্ত হ'ব । শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত আয়োগৰ দলটোৱে ঝাৰখণ্ড ভ্ৰমণ কৰিছিল । নিৰ্বাচন সম্পৰ্কে সকলো দলৰ পৰা আয়োগৰ দলটোৱে মতামত গ্ৰহণৰ পিচতেই ঘোষণা কৰিবলৈ সাজু হৈছে নিৰ্বাচনৰ দিন ।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন

আগন্তুক নিৰ্বাচনত শিৱসেনা (ইউ বি টি), এন চি পি (শৰদ পাৱাৰ ফৈদ), আৰু কংগ্ৰেছৰ সৈতে গঠিত মহা বিকাশ আঘাড়ী মিত্ৰজোঁট আৰু বিজেপি, শিৱসেনা (একনাথ সিন্দে), আৰু এন চি পি (অজিত পাৱাৰ ফৈদ)কে ধৰি শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ মাজত দুমুখীয়া প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ’ব ।

শেহতীয়া সংসদীয় নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এম ৱাই এয়ে মহাৰাষ্ট্ৰৰ ৪৮ খন লোকসভা আসনৰ মাত্ৰ ১৭ খন আসনত জয়লাভ কৰে । পাঁচ বছৰৰ পূৰ্বে লাভ কৰা ২৩ খন আসনৰ তুলনাত বিজেপিৰ আসনৰ সংখ্যা ৯ খনলৈ হ্ৰাস পালে । ইফালে মহা বিকাশ আঘাড়ীয়ে কংগ্ৰেছ, শিৱসেনা (ইউবিটি), আৰু এনচিপি (শ্বাৰদ পাৱাৰ)ক লৈ ৩০ খন আসন লাভ কৰে ।

২০১৯ চনত বিজেপি আৰু অবিভক্ত শিৱসেনাই চৰকাৰ গঠন কৰিছিল যদিও পাচলৈ কিছু ৰাজনৈতিক সংঘাতৰ পৰিপ্ৰেক্ষিতত বিভাজন হৈছিল । ২০১৯ ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন আৰু কংগ্ৰেছে ৪৪ খন আসন লাভ কৰিছিল ।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন

ঝাৰখণ্ড ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল ২০২৫ চনৰ ৫ জানুৱাৰীত শেষ হ’ব আৰু ৰাজ্যজুৰি ৮১ টা সমষ্টিত (৪৪ টা সাধাৰণ, ৯টা অনুসূচিত জাতি, ২৮ জনজাতি) নিৰ্বাচন অনুষ্ঠিত হ’ব । ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ঝাৰখণ্ডত ৮১ জনীয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত যোৱা ২৪ ছেপ্টেম্বৰত ৰাঁচীত ঝাৰখণ্ডত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতিৰ সম্যক পৰ্যালোচনা কৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক বলবৎকাৰী সংস্থাসমূহক ধন ক্ষমতাৰ প্ৰভাৱ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে ।

২০১৯ চনৰ নিৰ্বাচনত ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত ভোটগ্ৰহণ হৈছিল, আনহাতে মহাৰাষ্ট্ৰত মাত্ৰ এটা পৰ্যায় আছিল ।

তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা

বিভিন্ন দলৰ নেতাসকলে ৰাজ্য গঠনৰ উপৰিও দীপাৱলী, ষঠ পূজাৰ বিষয়ে উল্লেখ কৰি ১৫ নৱেম্বৰৰ পিচত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছিল । ঝাৰখণ্ডত সৰ্বাধিক তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য় যে 2019 চনত ঝাৰখণ্ডত পাঁচটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

ঝাৰখণ্ডত এন ডি এ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ মাজত আসন ভাগ-বাতোৱাৰা সন্দৰ্ভত আলোচনা অব্যাহত আছে । বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে এন ডি এত বিজেপি, এজেএছইউ আৰু জেডিইউৰ মাজত আসনৰ ভাগ-বাটোৱাৰা সম্পৰ্কীয় ৯৮% বিষয়ৰ সিদ্ধান্ত লোৱা হৈছে । নিৰ্বাচনৰ দিন ঘোষণাৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰা হ'ব । বিজেপিৰ বিধানসভা নিৰ্বাচনৰ সহ প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, জেডিইউৱে দুখন আসন আৰু এজেএছইউৱে 9 ৰ পৰা 11 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ।

আনহাতে, ইণ্ডি মিত্ৰজোঁটত জেএমএম, কংগ্ৰেছ আৰু আৰজেডিৰ ওপৰত চিপিআই(এমএল)ৰ আসন এৰি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে । বিশেষভাৱে উল্লেখযোগ্য় কথাটো হৈছে যে নিৰ্বাচন ঘোষণাৰ প্ৰায় ২৪ ঘণ্টা পূৰ্বে হেমন্ত কেবিনেটে 'মাইয়া সন্মান যোজনা'ৰ অধীনত দিয়া পৰিমাণ প্ৰতি মাহে ১০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে । ইয়াকে লৈ চলিছে ৰাজনীতি ।

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হ’ব নে ?

চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিচত খালী হৈ আছে তেওঁলোকৰ আসনকেইখন ৷ এই সমষ্টি কেইটা হৈছে- চামগুৰি (ৰকিবুল হুছেইন, কংগ্ৰেছ), বিহালী (ৰঞ্জিত দত্ত, বিজেপি), ধলাই (পৰিমল শুক্লবৈদ্য, বিজেপি), বঙাইগাঁও(ফণীভূষণ চৌধুৰী, অগপ) আৰু চিদলী (জয়ন্ত বসুমতাৰী, ইউপিপিএল) ৷ এই সমষ্টি কেইটাত চলিত বৰ্ষতেই উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ৷ আজিৰ এই সংবাদমেলতে নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰো সম্ভাৱনা আছে ৷

লগতে পঢ়ক:অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে - BYE ELECTION IN ASSAM

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন : সাজু হৈছে নিৰ্বাচন আয়োগ, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BYE ELECTIONS

ABOUT THE AUTHOR

...view details