অসম

assam

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি - Earthquake strikes Nagaland

By ANI

Published : Sep 1, 2024, 8:26 AM IST

Earthquake strikes Nagaland: পুৱতি নিশা প্ৰায় ৩:৩৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৩ । কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা হোৱা নাই ।

Earthquake strikes Nagaland
দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি (ETV Bharat)

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ :পুনৰ ভূমিকম্পই জোকাৰি গ'ল ভাৰত । এইবাৰ ভূমিকম্পৰ কেন্দ্ৰ নাগালেণ্ড । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজি (এনচিএছ)ৰ তথ্য অনুসৰি দেওবাৰে পুৱা নাগালেণ্ডৰ নকলাক চহৰ ৩ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিৰ মতে পুৱতি নিশা প্ৰায় ৩.৩৬ বজাত কম্পন অনুভূত হয় । ইয়াৰ কেন্দ্ৰবিন্দু আছিল নকলাক অঞ্চলৰ ১০ কিলোমিটাৰ গভীৰতাত ।

  • নাগালেণ্ডত ভূমিকম্প

নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে এক্সৰ পোষ্টত লিখিছে, "ভূমিকম্পৰ প্ৰাবস্য:৩.০, সময় : ০১/০৯/২০২৪ ভাৰতীয় সময় মতে ০৩:৩৬:৩৯ বজাত, অক্ষাংশ: ২৬.২৪ নৰ্থ, দ্ৰাঘিমাংশ: ৯৫.০৩ ইষ্ট, গভীৰতা: ১০ কিমি, স্থান: নকলাক, নাগালেণ্ড ।" ভূমিকম্পটো যিহেতু নিম্ন প্ৰাবল্যৰ আছিল সেয়ে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ এতিয়ালৈ অহা নাই ।

অৱশ্যে অনুসন্ধান অব্যাহত আছে । প্ৰশাসনে ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে পুৱতি নিশা কম্পন অনুভৱ কৰাৰ লগে লগে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ।

  • জম্মু-কাশ্মীৰত ভূমিকম্প

ইয়াৰ পূৰ্বে যোৱা ২০ আগষ্টত জম্মু-কাশ্মীৰৰ বাৰামুলা ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল । নেশ্যনেল চেণ্টাৰ ফৰ চিচম'লজিয়ে এই কথা অৱগত কৰিছিল । এনচিএছৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু অক্ষাংশ ৩৪.১৭ নৰ্থ, দ্ৰাঘিমাংশ ৭৪.১৬ ইষ্ট, ৫ কিলোমিটাৰ গভীৰতাত আছিল ।

এক্সৰ পোষ্টত এনচিএছয়ে লিখিছিল, "ভূমিকম্পৰ প্ৰাবল্য ৪.৯, সময়: ২০/০৮/২০২৪ ভাৰতীয় সময় মতে ০৬:৪৫:৫৭, অক্ষাংশ: ৩৪.১৭ নৰ্থ, দ্ৰাঘিমাংশ: ৭৪.১৬ ইষ্ট, গভীৰতা : ৫ কিমি, স্থান : বাৰামুলা, জম্মু আৰু কাশ্মীৰ ।" এই ভূমিকম্পৰ ফলত প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি হোৱাৰ কোনো খবৰ পোৱা হোৱা নাছিল ।

লগতে পঢ়ক :উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা : হতাহত হোৱা নাই কোনো লোক - Uttarakhand Helicopter crash

ABOUT THE AUTHOR

...view details