অসম

assam

ETV Bharat / bharat

অৱশেষত মুকলি আকাশৰ তললৈ ওলাল দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰিলে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৷ ধন আত্মসাতৰ গোচৰত কাৰাৰুদ্ধ হৈ আছিল জৈন ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Satyendar Jain Gets Bail
দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন লাভ (ETV Bharat)

নতুন দিল্লী :দিল্লীৰ এখন আদালতে শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতা তথা দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ধন আত্মসাতৰ গোচৰত জামিন প্ৰদান কৰে । আদালতে তেওঁক চৰ্তসাপেক্ষে প্ৰদান কৰে জামিন । জামিনৰ চৰ্ত অনুসৰি তেওঁ দেশৰ বাহিৰলৈ যাব নোৱাৰিব ।

আদালতে লগতে তেওঁৰ বিচাৰত পলম হোৱা আৰু দীঘলীয়া কাৰাবাসৰ কথাও উল্লেখ কৰে । উল্লেখ্য যে সত্যেন্দ্ৰ জৈনক ই ডিয়ে 2022 চনৰ 30 মে'ত তেওঁৰ সৈতে সম্পৰ্কিত চাৰিটা কোম্পানীৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । তেওঁ বৰ্তমান ন্যায়িক জিম্মাত আছে ।

জামিন প্ৰদানৰ ৰায়ত বিশেষ ন্যায়াধীশ বিশাল গোগে কয়, "বিচাৰত পলম হোৱা তথা ১৮ মাহৰ দীঘলীয়া কাৰাবাস আৰু কোনো সিদ্ধান্তত উপনীত হোৱাৰ পৰা পূৰ্বে বিচাৰ কাৰ্যত দীঘলীয়া সময় লগাৰ কথা বিবেচনা কৰি অভিযুক্তক সকাহ প্ৰদান কৰাটো অনুকূল ।"

ন্যায়াধীশে ৫০,০০০ টকাৰ জামিন বণ্ড আৰু একে পৰিমাণৰ দুই জামিনদাৰৰ ওপৰত তেওঁক জামিন প্ৰদান কৰে । ই ডিৰ এই গোচৰটো ২০১৭ চনত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৱে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত জৈনৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এখন এজাহাৰৰ ভিত্তিত চলি আছে ।

জৈনৰ বিৰুদ্ধে ২০০৯-১০ আৰু ২০১০-১১ বৰ্ষত ভুৱা কোম্পানী সৃষ্টি কৰাৰ অভিযোগ আছে । এই কোম্পানীবোৰৰ ভিতৰত আছে আকিনচান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড, ইণ্ডো মেটেল ইম্পেক্স প্ৰাইভেট লিমিটেড, প্ৰয়াস ইনফ'-ছলিউচনছ প্ৰাইভেট লিমিটেড, মঙ্গলায়তন প্ৰজেক্টছ প্ৰাইভেট লিমিটেড ।

জৈনৰ উপৰি ই ডিৰ দ্বাৰা অভিযুক্ত কৰা আনসকল হৈছে তেওঁৰ পত্নী পুনম জৈন, অজিত প্ৰসাদ জৈন, সুনীল কুমাৰ জৈন, বৈভৱ জৈন, অংকুশ জৈন, মেছাৰ্ছ আকিনচান ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেড, মেছাৰ্ছ প্ৰয়াস ইনফ'-ছলিউচনছ প্ৰাইভেট লিমিটেড, মঙ্গলায়তন প্ৰজেক্টছ প্ৰাইভেট লিমিটেড আৰু জে জে আইডিয়েল ইষ্টেট প্ৰাইভেট লিমিটেড । ই ডিয়ে ২০২২ চনৰ ৩০ মে'ত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :ৱায়নাড় উপ-নিৰ্বাচন: 23 অক্টোবৰত মনোনয়ন দাখিলৰ সম্ভাৱনা প্ৰিয়ংকা গান্ধীৰ
লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বুজাবুজি সমাপ্ত: ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details