নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী : বিভিন্ন বাধা-বিঘিনি নেওচি হ'লেও ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা কৰাৰ সিদ্ধান্তত অটল হৈ আছে প্ৰতিবাদকাৰী কৃষকসকল । যাৰ বাবে বুধবাৰে কেন্দ্ৰীয় দিল্লী আৰু দিল্লী-হাৰিয়ানা সীমান্ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । লগতে নিয়োগ কৰা হৈছে বৃহৎ সংখ্যাত নিৰাপত্তাৰক্ষী ।
আনহাতে, বৃহত্তৰ অঞ্চলটো বেৰিকেডেৰে আবদ্ধ কৰি পেলোৱা হৈছে । যাৰ বাবে এতিয়া যাত্ৰীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে । সিংগু (দিল্লী-সোনিপত) আৰু টিক্ৰি সীমান্তত (দিল্লী-বাহাদুৰগড়) যান-বাহন চলাচল স্থগিত ৰখা হৈছে ।
এগৰাকী বিষয়াই জনোৱা মতে, সংঘৰ্ষ বিৰোধী নিৰাপত্তাৰক্ষীসকলক মোতায়েন কৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ ড্ৰোণ ব্যৱহাৰ কৰা হৈছে । সিংগু আৰু টিক্ৰি সীমান্তৰ লগতে গাজীপুৰ সীমান্তত বেৰিকেড, কংক্ৰিটৰ ব্লক, লোৰ জোং থকা বেৰ আৰু কণ্টেইনাৰ বেৰৰ কেইবাটাও স্তৰ স্থাপন কৰা হৈছে।
আন এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, প্ৰয়োজন হ'লে সীমান্তত আৰু কেন্দ্ৰীয় দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হ'ব । আনহাতে, তিনিটা সীমান্ত ক্ষেত্ৰত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ বাবে যাত্ৰীসকলে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।
উল্লেখ্য যে, সংযুক্ত কিষাণ মৰ্চা (অনা-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই তেওঁলোকৰ দাবী পূৰণৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ 'দিল্লী চলো' আন্দোলনৰ নেতৃত্ব দি আছে । তেওঁলোকৰ দাবীবোৰৰ ভিতৰত আছে শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্যৰ ওপৰত আইন আৰু ঋণ ৰেহাই ।