নেশ্যনেল ডেস্ক, 24 জুন :সুৰা কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আদেশ স্থগিত ৰখাৰ বাবে প্ৰৱৰ্তক সঞ্চলকালয়ৰ আবেদন সন্দৰ্ভত 25 জুনত দিল্লী উচ্চ ন্যায়ালয়ে ৰায়দান কৰিব ৷ ন্যায়াধীশ সুধীৰ কুমাৰ জৈনৰ বিচাৰপীঠে এই সিদ্ধান্ত দিব ৷ ইয়াৰ পূৰ্বে সোমবাৰে ই ডিয়ে এই বিষয়ত উচ্চ ন্যায়ালয়ত লিখিত যুক্তি দাখিল কৰি কেজৰিৱালক প্ৰদান কৰা জামিন স্থগিত ৰখাৰ দাবী জনায় ৷ 21 জুনত উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল আৰু সিদ্ধান্ত নোলোৱালৈকে জামিন প্ৰদানৰ নিৰ্দেশত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিছিল ৷
ই ডিয়ে কয় যে বিচাৰ আদালতৰ গোটেই আদেশটো ভুল ৷ ই ডিৰ মতে, বিচাৰ আদালতে 2023 চনৰ পিচত কেজৰিৱালৰ বিৰুদ্ধে সংগ্ৰহ কৰা ই ডিৰ যুক্তি আৰু প্ৰমাণবোৰ বিবেচনা কৰা নাছিল আৰু ৰায়টো ঘোষণা কৰিছিল ৷ গোৱাৰ আম আদমী পাৰ্টিৰ কৰ্মী আৰু কাৰ্যালয়ৰ কৰ্মীসকলৰ বক্তব্য উপেক্ষা কৰি কেজৰিৱালক জামিন দিয়াৰ নিৰ্দেশ দিয়া হৈছিল ৷
লগতে পঢ়ক :দিল্লী উচ্চ ন্যায়ালয়ে বিমুখ কৰিলে কেজৰিৱালক : জামিনত স্থগিতাদেশ - Delhi HC on Kejriwal Bail