নেশ্যনেল ডেস্ক, ৯ এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত থাকিব নে জামিন লাভ কৰিব সেয়া আজি সিদ্ধান্ত ল’ব দিল্লী উচ্চ ন্যায়ালয়ে । কেজৰিৱাল সন্দৰ্ভত দুপৰীয়া ২:৩০ বজাত ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই ৰায় ঘোষণা কৰিব । যোৱা ২৩ মাৰ্চত কেজৰিৱালে এই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল । ৩ এপ্ৰিলত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।
ইয়াৰ পূৰ্বে ১ এপ্ৰিলত ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ আবেদন নাকচ কৰি ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । তেতিয়াৰ পৰা কেজৰিৱাল তিহাৰ জেলতে আছে ৷ ইতিমধ্যে সকলোৰে জ্ঞাত যে অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত সুৰা নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত গ্ৰেপ্তাৰ আৰু আটক কৰাক প্ৰত্যাহ্বান জনাইছিল আৱেদন দাখিল কৰিছিল ।
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচত কি হৈছে ?
- ২১ মাৰ্চত কেজৰিৱালে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।
- এই আবেদন ২২ মাৰ্চ অৰ্থাৎ ঠিক পিছদিনাই প্ৰত্যাহাৰ কৰা হৈছিল ।
- ২২ মাৰ্চত ইডিয়ে ৰাউজ এভিনিউৰ আদালত কেজৰিৱালক হাজিৰ কৰাইছিল ।
- ২৮ মাৰ্চৰ ভিতৰত আদালতে কেজৰিৱালক ইডি ৰিমাণ্ডত প্ৰেৰণ কৰে ।
- ৰাউজ এভিনিউ আদালতে এই ৰিমাণ্ড ১ এপ্ৰিললৈকে বৃদ্ধি কৰে ।
- ১ এপ্ৰিলত আদালতে কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
- ২৩ মাৰ্চত কেজৰিৱালে গ্ৰেপ্তাৰ-ৰিমাণ্ডৰ বিৰুদ্ধে দিল্লী উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।
- ২৭ মাৰ্চত উচ্চ ন্যায়ালয়ে ইডিক জাননী জাৰি কৰি ২ এপ্ৰিলৰ ভিতৰত ইয়াৰ উত্তৰ বিচাৰিছিল ।
- ৩ এপ্ৰিলৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত সংৰক্ষণ কৰি ৯ এপ্ৰিলৰ তাৰিখ দিছিল ।