নতুন দিল্লী :দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণ দিনক দিনে অস্বস্তিকৰ হৈ আহিছে । শীতৰ আগমনৰ লগে লগে পুনৰ দিল্লীত প্ৰদূষণে কালৰূপ ধাৰণ কৰিছে । দেওবাৰে শুই উঠিয়ে দিল্লীবাসীয়ে কুঁৱলীৰ এক ডাঠ আচ্ছাদন প্ৰত্যক্ষ কৰে । ইফালে চিষ্টেম অফ এয়াৰ কোয়ালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিছাৰ্চৰ দিল্লীৰ বায়ুৰ সূচাংক ৩৫২ত উপনীত হৈছে । যাক ‘‘অতি দুৰ্বল’’ শ্ৰেণীত ধৰা হয় ।
শনিবাৰে দিল্লীত বায়ুৰ সূচাংক আছিল ২৫৫ । যাক বায়ুমণ্ডলৰ প্ৰদূষণৰ পৰিস্থিতি দুৰ্বল শ্ৰেণী বুলি কোৱা হয় । দীপাৱলীলৈ মাত্ৰ ৪ দিন বাকী আছে আৰু এনে পৰিস্থিতিত দিল্লীৰ প্ৰদূষণৰ স্তৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে । তথ্য অনুসৰি শনিবাৰে আনন্দ বিহাৰ অঞ্চলৰ বায়ুৰ সূচাংক ৪০০ৰ সীমা অতিক্ৰম কৰে । একেদৰে পুৱা ৭ বজাত ৪০৫ত উপনীত হয় 'গুৰুতৰ' শ্ৰেণীত ধৰা হয় ।
বতাহৰ গতি হ্ৰাস, তাপমাত্ৰা হ্ৰাস, আৰ্দ্ৰতাৰ স্তৰ বৃদ্ধি আৰু প্ৰদূষণ সৃষ্টিকাৰী কণাৰ উপস্থিতিৰ বাবে প্ৰদূষণৰ পৰিস্থিতি গুৰুতৰ হৈ আছে । ৰাষ্ট্ৰীয় ৰাজধানীৰ তাপমাত্ৰা পুৱা প্ৰায় ২৫ ডিগ্ৰী চেলচিয়াছ আছিল । ইফালে আইজিআই বিমানবন্দৰত বায়ুৰ সূচাংক ‘‘অতি দুৰ্বল’’ শ্ৰেণীত পোৱা গৈছে ।
বায়ুৰ সূচাংক কি ?
উল্লেখ্য যে, ০ আৰু ৫০ৰ মাজত থাকিলে বায়ুৰ সূচাংক (AQI)'ভাল' শ্ৰেণীত ধৰা হয় । একেদৰে ৫১-১০০ হ'লে 'সন্তোষজনক', ১০১-২০০ হ'লে 'মধ্যমীয়া', ২০১-৩০০ 'দৰিদ্ৰ', ৩০১-৪০০ 'অতি দৰিদ্ৰ', আৰু ৪০১-৫০০ 'গুৰুতৰ' বুলি গণ্য কৰা হয় । শনিবাৰে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰে যে পৰৱৰ্তী ১৫ দিন ৰাষ্ট্ৰীয় ৰাজধানীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।