অসম

assam

ETV Bharat / bharat

হিমাচলৰ প্ৰাকৃতিক দুৰ্যোগ : DNA পৰীক্ষাৰে কৰিব মৃতদেহ চিনাক্ত, 37 জনৰ নমুনা সংগ্ৰহ - Shimla Disaster - SHIMLA DISASTER

Body DNA Test in Himachal : চামেজ গাঁৱত সন্ধানহীন মৃতদেহবোৰ ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ'ব । এতিয়ালৈকে পাঁচটা মৃতদেহ উদ্ধাৰ হৈছে যদিও তেওঁলোকক চিনাক্ত কৰা হোৱা নাই । মৃতদেহবোৰ বিকৃত হৈ পৰিছে । এনে পৰিস্থিতিত প্ৰশাসনে মৃতদেহবোৰৰ ডি এন এ পৰীক্ষাৰ সিদ্ধান্ত লৈছে ।

Body DNA Test in Himachal
চিমলাৰ পৰিস্থিতি পৰ্যবেক্ষণ চৰকাৰী বিষয়াৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 12:48 PM IST

নিউজ ডেস্ক, ৬ আগষ্ট : ৰুষ্ট প্ৰকৃতিৰ কোপদৃষ্টিত তচনচ হৈ পৰিছে প্ৰকৃতিৰ ৰম্যভূমি হিমাচল প্ৰদেশ । ডাৱৰ বিস্ফোৰণ, বান আৰু ভূমিস্খলনৰ ফলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে পাহাৰীয়া ৰাজ্যখনত । শতাধিক লোকৰ মৃত্যু হৈছে । আনহাতে, সন্ধানহীন হৈ আছে বহু লোক ।

আনহাতে, চমেজ গাঁৱত সংঘটিত দুৰ্ঘটনাটোত সন্ধানহীন হোৱা ৩৬ জন লোকৰ আত্মীয়ৰ পৰা ডি এন এ নমুনা সংগ্ৰহ কৰা হৈছে । এই ডি এন এ মিলোৱাৰ পিচত মৃতদেহবোৰ চিনাক্ত কৰা হ'ব । আৰক্ষীয়ে পৰিয়ালৰ ৩৭ জন সদস্যৰ নমুনা সংগ্ৰহ কৰিছে । উল্লেখ্য যে, এই দুৰ্ঘটনাটোত চিমলা অঞ্চলৰ ৩৩ জন আৰু কুল্লু অঞ্চলৰ ৩ জন লোক সন্ধানহীন হৈ আছে ।

পাঁচটা মৃতদেহ উদ্ধাৰ

আনহাতে, এতিয়ালৈকে পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতদেহবোৰৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে । ইফালে তেওঁলোকৰ ডি এন এ নমুনা ফৰেনচিক লেব জংগালৈ প্ৰেৰণ কৰা হৈছে । এই সন্দৰ্ভত উপায়ুক্ত অনুপম কাশ্যপে কয়, "মৃতদেহবোৰ অত্যন্ত বিকৃত অৱস্থাত পোৱা গৈছিল । এনে পৰিস্থিতিত মৃতদেহবোৰ চিনাক্ত কৰাটো এক প্ৰত্যাহ্বান । ইয়াৰ ফলত সকলো মৃতদেহৰে ডি এন এ মিলোৱা হ'ব । তেতিয়াহে মৃতদেহবোৰ চিনাক্ত কৰিব পৰা যাব ।"

85 কিলোমিটাৰ এলেকাত অনুসন্ধান অভিযান চলি আছে

৮৫ কিলোমিটাৰ এলেকাত চলোৱা অনুসন্ধান অভিযানত এই পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । প্ৰথমটো মৃতদেহ ৪ আগষ্টৰ পুৱা চুন্নী বান্ধ অঞ্চলত উদ্ধাৰ কৰা হৈছিল । ইয়াৰ পিচত সন্ধিয়া নোগলিৰ ওচৰৰ ডাকোল্ডত দুটা মৃতদেহ উদ্ধাৰ হয় । আনহাতে, সোমবাৰে চুন্নী বান্ধৰ ওচৰৰ ডোগৰীত দুটা মৃতদেহ উদ্ধাৰ কৰা হয় । এতিয়ালৈকে তিনিজন পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে ।

পঞ্চমদিনাও অনুসন্ধান অভিযান অব্যাহত আছে

অনুসন্ধান অভিযানত আঠটা এল এন টি যন্ত্ৰ মোতায়েন কৰা হৈছে । অনুসন্ধান অভিযানৰ পঞ্চমদিনা এই যন্ত্ৰবোৰ পুৱা 6 বজাৰ পৰা ধ্বংসাৱশেষ খননত নিয়োজিত হৈ আছে । স্নিফাৰ ডগ, লাইভ ডিটেক্টৰ ডিভাইচ আৰু স্থানীয় লোকৰ সহায়ত অনুসন্ধান অভিযান চলোৱা হৈছে ।

অস্থায়ী দলং নিৰ্মাণ

চামেজত অনুসন্ধান অভিযানৰ সময়ত বৈদ্যুতিক খুঁটা সংযোগ কৰি এখন অস্থায়ী দলং নিৰ্মাণ কৰা হৈছে । এই দলংখন নিৰ্মাণৰ লগে লগে বিপৰ্যস্ত এলেকাৰ সিপাৰৰ পৰা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে । আনহাতে, এখন বেইলী ব্ৰীজো কেইদিনমানৰ ভিতৰতে সাজু হ'ব ।

আনহাতে, উপায়ুক্ত অনুপম কাশ্যপে জনসাধাৰণক দুৰ্ঘটনাটোৰ নামত ছ'চিয়েল মিডিয়াত অনুমোদনবিহীন বাৰ্তাৰ জৰিয়তে কোনো ধৰণৰ আৰ্থিক সাহায্য প্ৰদান নকৰিবলৈ আহ্বান জনায় । আগ্ৰহী দাতাসকলক মুখ্যমন্ত্ৰীৰ দুৰ্যোগ সাহায্য পুঁজিলৈ অৰিহণা যোগাবলৈ কোৱা হৈছে । ইয়াৰ উপৰি এছ ডি এম ৰামপুৰৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিও সহায় কৰিব পাৰে ।

লগতে পঢ়ক :ৱায়নাড় ট্ৰেজেডি : সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অচিনাক্ত মৃতদেহৰ - Wayanad Landslides
লগতে পঢ়ক :হিমাচলত ডাৱৰ বিস্ফোৰণ : ৬ গৰাকী লোক নিহত, ৫০ৰো অধিক সন্ধানহীন - Himachal Pradesh cloudburst

ABOUT THE AUTHOR

...view details