মেষ ৰাশি:আজি আপুনি নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কাৰোবাৰ আগত কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কিয়নো মনত আঘাত দিব পৰা কথা আৰু কটুবাক্যই সু-সম্পৰ্কক নষ্ট কৰি দিব পাৰে ৷ দিনটোৰ শেষভাগত আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত আপুনি উত্তেজিত আৰু লগতে উদ্বিগ্নও হৈ থাকিব ৷ অৱশ্যে সৰু-সুৰা কোনো সমস্যাত পৰিলে আপুনি সহকৰ্মীসকলক ভৰসা কৰিব পাৰে, তেওঁলোকে আপোনাক সাহায্য কৰিব, নিৰাশ নকৰিব তেওঁলোকে ৷ নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক!
বৃষ ৰাশি:আজি আপুনি দিনটোৰ পাতনি মেলিব আনন্দপূৰ্ণ হাঁহিমুখেৰে ৷ বন্ধুসকলৰ বাহিৰেও আজি আপুনি নতুন মানুহৰ সাক্ষাৎ পাব পাৰে ৷ যাৰ ফলত আপুনি তজবজীয়া আৰু উজ্জীৱিত হৈ উঠিব ৷ তেওঁলোকৰ সৈতে চহৰৰ দাঁতিকাষৰীয়া ঠাইলৈ ফুৰ্তি কৰিবলৈ যোৱাৰ পৰিকল্পনাও হয়তো কৰিব আপুনি ৷ অৱশ্যে দিনটোৰ পিছৰ ভাগত আপোনাৰ নক্ষত্ৰবোৰ সামান্য দুৰ্বল থাকিব যেন লাগিছে ৷ কথা কোৱাৰ সময়ত সাৱধানে থাকিব, কিয়নো উত্তপ্ত বিবাদৰ যোগ আছে ৷ শত্ৰুসকলৰপৰা সাৱধান, কিয়নো তেওঁলোকে আপোনাৰ প্ৰতি পদক্ষেপত চকু ৰাখি আছে ৷ আজি ধৰ্মীয় বিষয় আৰু কাৰ্য-কলাপৰ প্ৰতি আপোনাৰ আসক্তি দেখা দিব পাৰে ৷ আপোনাৰ দিনটো আজি মনোৰম!
মিথুন ৰাশি:শুভ দিন! আজিৰ দিনটো আপুনি খেল ধেমালি বা মনোৰঞ্জনৰে আৰম্ভ কৰক ৷ জগিং বা ব্যায়াম কৰক ৷ তেতিয়া আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ এই সময় ছুটী কটোৱাৰ বাবে উপযুক্ত ৷ বন্ধুসকলৰ সৈতে আপুনি আজি প্ৰাকৃতিক দৃশ্য চাবলৈ যাব পাৰে ৷ ইয়াৰ লগতে বাৰ্বিকিউ তথা অন্যান্য ভাল খাদ্যও উপভোগ কৰিব পাৰে ৷ আজিৰ এই অনুকূল সময়ৰ যিমান পাৰে সদ্ব্যৱহাৰ কৰক!
কৰ্কট ৰাশি: দিনৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে সামান্য জটিল হ’ব যেন লাগিছে ৷ অৱশ্যে প্ৰতিকূলতাৰ মাজতো আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা সুফল লাভ কৰিব ৷ আজি আপোনাৰ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ বিশেষ পেটৰ গণ্ডগোলে আপোনাক আমনি দিব পাৰে ৷ অৱশ্যে দ্বিতীয়াৰ্ধত আপোনাৰ স্বাস্থ্যৰ লাহে লাহে উন্নতি হৈ আছে ৷ কৰ্মক্ষেত্ৰত আজি আপুনি আগৰ ৰৈ যোৱা কামবোৰ শেষ কৰি পেলাব ৷
সিংহ ৰাশি: আজি সাৱধানতা অৱলম্বন কৰক ৷ আজি আপুনি বহুত চাপ আৰু দুশ্চিন্তাত থাকিব, যাৰ ফলত গোটেই দিনটো আপুনি অস্থিৰ হৈ থাকিব ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ লগতে নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰপৰা বিৰত থাকক ৷ আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ অতিৰিক্ত ধন উপাৰ্জনৰ উপায় উলিওৱাৰ বাবে সময়টো ভাল ৷ সন্তানসকলক লৈ চিন্তা থাকিব মনত ৷ ধ্যান কৰক ৷ তেতিয়া আপোনাৰ অস্থিৰ মন কিছু সকাহ পাব ৷
কন্যা ৰাশি:কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ এয়া হ’ল আনন্দ-ফুৰ্তি কৰাৰ সময় ৷ আপোনাৰ পৰিয়াল আৰু বন্ধুসকলে আপোনাক সহায়-সহযোগিতা আগবঢ়াব ৷ এয়া তেওঁলোকক আপোনাৰ প্ৰতি অধিক ঘনিষ্ঠ কৰি তুলিব ৷ অৱশ্যে মধ্যাহ্নৰ পিচত কিছু চিন্তা আহিব পাৰে ৷ এই চিন্তাৰ অন্যতম এটা কাৰণ হ’ব আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব, কিয়নো এইবোৰ আপোনাৰ কাৰণে বিপদ মাতিব পাৰে ৷