ETV Bharat / state

প্ৰায় ২০ টা ৰাউণ্ডত অনুষ্ঠিত হ'ব চিদলী উপ-নিৰ্বাচনৰ ভোটগণনা - ASSAM BYE ELECTION RESULTS

চিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা শনিবাৰে অনুষ্ঠিত হ'ব । ভোটগণনা বিষয়াসহ সকলো বিষয়া-কৰ্মচাৰী সাজু ।

Assam bye elections 2024
ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 11:11 AM IST

চিৰাং: ২৩ নৱেম্বৰ অৰ্থাৎ কাইলৈ বিধানসভাৰ উপ-নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । ৰাজ্যৰ পাঁচোটা সমষ্টিতে ইয়াক লৈ ব্যাপক তৎপৰতা দেখা গৈছে । জিলা প্ৰশাসনেও নিৰ্বাচনৰ ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন

ব্যতিক্ৰম নহয় চিৰাং জিলাৰ জনজাতি সংৰক্ষিত চিদলী বিধানসভা সমষ্টি । সমষ্টিটোৰ ভোটগণনাৰ বাবে সাজু হৈছে চিৰাং জিলা প্ৰশাসন ৷ চিৰাঙৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই জানিবলৈ দিয়া মতে কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ দ্বিতীয় মহলাত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত ভোটগণনা অনুষ্ঠিত হ'ব ৷ জিলা আয়ুক্তৰ মতে ভোটগণনা প্ৰক্ৰিয়া পৰিচালনাৰ বাবে ১৪ খন মেজ (Table) সাজু কৰি ৰখা হৈছে ৷ ইয়াৰে ৪ খন মেজত পোষ্টেল বেলট গণনা কৰা হ'ব । ভোটগণনা প্ৰায় ২০ টা ৰাউণ্ডত অনুষ্ঠিত হ'ব ।

ভোটগণনাৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন (ETV Bharat)

ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা বুলিও জিলা আয়ুক্তগৰাকীয়ে অৱগত কৰে । জিলা আয়ুক্ত যতীন বৰাই জনোৱা মতে সমষ্টিটোত প্ৰাক-নিৰ্বাচনী বা নিৰ্বাচনী কোনো হিংসা হোৱা নাছিল । শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল চিদলী সমষ্টিৰ উপ-নিৰ্বাচন । জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই ভোটগণনাৰ পিছতো জিলাখনত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ জনতাক আহ্বান জনায় ।

চিদলী সমষ্টিৰ উপ-নিৰ্বাচন

উল্লেখ্য যে ১৩ নৱেম্বৰত চিদলী বিধানসভা সমষ্টিৰ মুঠ ২৭৩ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । এইবাৰ সমষ্টিটোত সৰ্বমুঠ ভোটাৰৰ সংখ্যা আছিল ২,১৬,১৮৩ টা ৷ ইয়াৰে পুৰুষ ভোটাৰ হৈছে ১,৭,৮ঌ৬ জন আৰু মহিলা ভোটাৰ হৈছে ১,৯,২৮৩ গৰাকী ৷ তৃতীয় লিংগৰ ভোটাৰ আছিল ৪ গৰাকী ৷ সমষ্টিটোত বিগত ১৩ নৱেম্বৰত অনুষ্ঠিত ভোটগ্ৰহণৰ হাৰ হৈছে ৭৫.৪৭ শতাংশ ৷ ৩ গৰাকী প্ৰাৰ্থীক মুঠ ১,৬৩,৯০৮ গৰাকী ভোটাৰে ভোটদান কৰে ।

সমষ্টিটোত এইবাৰ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ তেওঁলোক হৈছে এনডিএ মিত্ৰদলৰ ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, বিপিএফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী ৷

লগতে পঢ়ক :চিদলী সমষ্টিত কি হ'ব উপ-নিৰ্বাচনৰ ফলাফল ? বি পি এফ-ইউ পি পি এল উভয়ৰে জয়ৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.