ETV Bharat / state

লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত বীৰ লাচিত সেনাৰ 4 জন নেতা - VEER LACHIT SEN

বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি, মুখ্য সচিবসহ চাৰিজনক নিলম্বন ৷ ধন দাবীৰ বিৰুদ্ধে নাহৰকটীয়া ব্যৱসায়িক সন্থাই প্ৰতিবাদ কৰা পাচতে এই সিদ্ধান্ত সংগঠনটোৰ ৷

Veer Lachit Sen
নিলম্বিত বীৰ লাচিত সেনাৰ 4 নেতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 10:07 AM IST

ডিব্ৰুগড় : চান্দা সংস্কৃতি বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল যে কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশই অনুষ্ঠান আয়োজন কৰাৰ নামত চান্দা সংস্কৃতি জীয়াই ৰখাৰ অভিযোগ উত্থাপিত হোৱা সময়ত ডিব্ৰুগড়‌ জিলাৰ নাহৰকটীয়াত বীৰ লাচিত সেনাৰ বলপূৰ্বক ধন দাবীৰ পাচতে যোৱা দেওবাৰে এটা দিনৰ বাবে বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ।

দোকান পোহাৰ বন্ধ ৰাখি লাচিত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথত সমদল কৰি প্ৰতিবাদ কৰিছিল ব্যৱসায়ীসকলে । ইয়াৰ পাচতে লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত হ'ল বীৰ লাচিত সেনাৰ চাৰিগৰাকী নেতা । বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি অসীম হাজৰিকা, উপ সভাপতি হোমেন অভয়পুৰীয়া, মুখ্য সচিব পংকজ গগৈ, বিত্ত সচিব প্ৰবাল কেওঁটক নিলম্বন কৰিলে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।

নিলম্বিত বীৰ লাচিত সেনাৰ 4 নেতা (ETV Bharat Assam)

উল্লেখ্য যে, লাচিত দিৱসৰ নামত বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে বলপূৰ্বক ধন দাবী আৰু ব্যৱসায়ীসকলক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল । লাচিত দিৱসৰ নামত ধন দাবী কৰি ব্যৱসায়িক ভয়-ভাবুকি দিয়া ঘটনাক লৈ বাতৰি প্ৰকাশ পোৱাৰ পিচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পাচতে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ চাৰিজন বিষয়ববীয়াক নিলম্বন কৰে ।

নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকসহ চাৰিজনক নিলম্বন কৰি নতুনকৈ চাৰিজনক দায়িত্ব প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলা সমিতিয়ে । লগতে এই ধন দাবী ঘটনাক সংগঠনটোৱে নিজাকৈ তদন্ত কৰিবলৈ ছয়জনীয়া তদন্ত সমিতি গঠন কৰি দিছে ।

নিলম্বনক লৈ কি কয় ডিব্ৰুগড় বীৰ লাচিত সেনাৰ কৰ্তৃপক্ষই :

‘‘নাহৰকটীয়াত যি ঘটনা সংঘটিত হ'ল তাক লৈ বীৰ লাচিত সেনাই দুখ প্ৰকাশ কৰিছো । বীৰ লাচিত সেনাৰ ইতিহাসত পূৰ্বে এইধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল । বীৰ লাচিত সেনাই এটা বছৰত কেৱল লাচিত দিৱস ৰাইজৰ সহযোগত আন্তৰিকতাৰে অনুষ্ঠিত কৰি আহিছো । কিন্তু নাহৰকটীয়াত যি বলপূৰ্বক ধন সংগ্ৰহ বাতৰি প্ৰকাশ পোৱাৰ পাচতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । চাৰিজনক নিলম্বন কৰা হৈছে যদিও তদন্ত সমিতি গঠন কৰা হৈছে । তদন্ত সমিতিৰ প্ৰতিবেদনৰ পাচতে নিলম্বিত নেতাসকলৰ বিৰুদ্ধে লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত ।’’

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ৰায়ক অন্য দৃষ্টিভংগীৰে বিশ্লেষণ উপমন্যু হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.