ETV Bharat / bharat

এখন নহয় দুখনকৈ বি এম ডব্লিউ হেৰাল: হাহাকাৰ লাগিছে চৰকাৰৰ বৰঘৰত

দুখন বি এম ডব্লিউ গাড়ী । জব্দ কৰা হৈছিল বনদস্যুৰ পৰা । কিন্তু এতিয়া গাড়ী দুখন অন্তৰ্ধান !

BMW Cars Missing in Andhra Pradesh
দুখন BMW গাড়ীয়ে নিদ্ৰাহৰণ কৰিছে এখন ৰাজ্যৰ এটা বিভাগক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 6:43 PM IST

অমৰাৱতী (অন্ধ্ৰপ্ৰদেশ) : দুখন বিলাসী বাহন, তাকো বি এম ডব্লিউ । এই কোটিটকীয়া বাহন দুখনৰ বাবে চকুৰ টোপনি হৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বন বিভাগৰ । কিন্তু কি বিশেষত্ব আছে এই বি এম ডব্লিউ দুখনৰ ? কিহৰ বাবে ৰাজ্যখনৰ বন বিভাগৰ মাজত হাহাকাৰ লাগিছে ?

প্ৰকৃততে অন্ধ্ৰপ্ৰদেশত দুখন বি এম ডব্লিউ গাড়ী সন্ধানহীন হোৱাত এক প্ৰকাৰ তীব্ৰ চৰ্চা চলিছে । কাৰণ এই বিলাসী বাহন দুখন ৰাজ্যখনৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীসকলে ব্যৱহাৰ কৰিছিল । পিছত এই বনদস্যুক বশ কৰি বন বিভাগে গাড়ী দুখন হস্তগত কৰিছিল । কিন্তু এতিয়া এই দুখন বি এম ডব্লিউ বাহনৰ কোনো সন্ধান নাই । ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা এই দুখন অতি মূল্যবান গাড়ী হঠাতে নাইকিয়া হোৱাত বন বিভাগত হৈ-চৈ লাগিছে ।

এই বিলাসী বাহন দুখনৰ এখন ২০১৭ চনৰ নৱেম্বৰত ৰাজ্যখনৰ বন বিভাগৰ তদানীন্তন প্ৰধান সচিবক আৱণ্টন কৰা হৈছিল । সেই সময়ত উক্ত পদবীত আছিল অনন্তৰামু নামৰ এগৰাকী বিষয়া । তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত চৰকাৰৰ বৰ্তমানৰ মুখ্য সচিব নীৰৱ কুমাৰ প্ৰসাদে গাড়ীখনৰ দায়িত্ব গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান বাহনখন অন্তৰ্ধান হৈ পৰিছে ।

তেনেহ'লে গাড়ীখন ক'ত আছে ? কাৰ ওচৰত আছে এই বিলাসী বাহনখন ? এইখন গাড়ীয়েই প্ৰকৃত গাড়ীখন আছিলনে ? কিন্তু বন বিভাগৰ বিষয়াসকলে এতিয়া এই বিষয়ে একো নাজানে । বন বাহিনীৰ মুৰব্বীৰ কাৰ্যালয়ে (Chief of Forest Force, PCCF) বন বিভাগৰ বিশেষ মুখ্য সচিবলৈ এখন পত্ৰ লিখি সেই সময়ত আৱণ্টন কৰা বাহনখনৰ বিষয়ে জানিব বিচাৰিছে ।

আনহাতে, পুট্টুৰ বন আঞ্চলিকৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা TN-18-K2277 পঞ্জীয়ন নম্বৰৰ আন এখন নীলা ৰঙৰ বি এম ডব্লিউ বাহন ২০১৫ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন বনমন্ত্ৰীয়ে সেই সময়ৰ অতিৰিক্ত ব্যক্তিগত সচিবক আৱণ্টন দিছিল । কিন্তু গুৰুত্বপূৰ্ণ কথা যে বন বিষয়াসকলৰ ওচৰত এতিয়া এই বাহনখন কি হ'ল সেই বিষয়েও কোনো আনুষ্ঠানিক তথ্য নাই ।

বি এম ডব্লিউ গাড়ী দুখনৰ অৱস্থান সম্পৰ্কে বৰ্তমান বন বিভাগৰ ওচৰত কোনো আনুষ্ঠানিক তথ্য নাই । এই বিষয়টো বৰ্তমানৰ বন মন্ত্ৰী তথা অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ দৃষ্টিগোচৰ হৈছে । উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে পি চি চি এফক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । আনহাতে, চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা দামী গাড়ীবোৰ এনেদৰে নিৰুদ্দেশ হোৱা ঘটনাই বন বিভাগক আচৰিত কৰি তুলিছে ।

লগতে পঢ়ক :গোষ্ঠী হিংসাই স্পৰ্শ নকৰা মণিপুৰৰ তামেংলঙত আমূৰ ফেলকন উৎসৱ
লগতে পঢ়ক :জনজাতীয় মহিলাক আক্ৰমণ: মুখত ভৰাই দিলে মানুহৰ বিষ্ঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.