ETV Bharat / bharat

মণিপুৰত ভূমিকম্পৰ জোকাৰণি - EARTHQUAKE HITS MANIPUR

মণিপুৰৰ বিষ্ণুপুৰত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প । ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।

Earthquake in Manipur
মণিপুৰত ভূমিকম্পৰ জোকাৰণি (ETV Bharat)
author img

By ANI

Published : Nov 22, 2024, 9:35 AM IST

বিষ্ণুপুৰ(মণিপুৰ) : হিংসাজৰ্জৰ মণিপুৰত অস্থিৰতা অব্যাহত আছে । তাৰ মাজতে শুকুৰবাৰে পুৱা প্ৰায় ৪.৪২ বজাত এক মৃদু ভূমিকম্পই জোঁকাৰি গ'ল ৰাজ্যখনৰ বিষ্ণুপুৰ জিলা । ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬ আছিল বুলি জানিব পৰা গৈছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে (NCS) এই কথা অৱগত কৰিছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে, পুৱা প্ৰায় ৪.৪২ বজাত কম্পনটো অনুভৱ কৰা হৈছিল আৰু ১০ কিলোমিটাৰ গভীৰতাত বিষ্ণুপুৰ অঞ্চলৰ চাৰিওফালে জোকাৰণি কেন্দ্ৰীভূত আছিল ।

ভূমিকম্পৰ কেন্দ্ৰস্থল

অৱশ্যে ভূমিকম্পটোৰ ফলত অঞ্চলটোত কোনো লোক হতাহত হৈছে নে নাই সেই কথা জানিব পৰা হোৱা নাই । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে এক্সৰ এটা পোষ্টত লিখিছে, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬, ২২/১১/২০২৪ তাৰিখে ০৪:৪২:৩৭ বজাত, অক্ষাংশ: ২৪.৬৪ উত্তৰ, দ্ৰাঘিমাংশ: ৯৩.৮৩ পূৱ, গভীৰতা : ১০ কি:মি:, অৱস্থান: বিষ্ণুপুৰ, মণিপুৰ ।"

ভূমিকম্পৰ ফলত ক্ষতি

ভূমিকম্পৰ জোকাৰণিৰ পিছতে মণিপুৰ লোকসকল বিশেষকৈ বিষ্ণুপুৰ জিলাৰ লোকসকল আতংকিত হৈ পৰিছে । প্ৰশাসনেও অধিক তৎপৰতা গ্ৰহণ কৰিছে । ক্ষয়-ক্ষতিৰ পৰিমাণ জনাৰ উদ্দেশ্যে প্ৰশাসনৰ কেইবাটাও দল ভূমিকম্প প্ৰভাৱিত অঞ্চলসমূহলৈ ৰাওনা হৈছে । এতিয়ালৈ ক্ষতি সম্পৰ্কে মণিপুৰ চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই । অৱশ্যে ভূমিকম্পৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি ক্ষতিৰ পৰিমাণ বেছি নহ'ব বুলি অনুমান কৰা হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে গুজৰাটৰ মেহছানাত ভূমিকম্পৰ জোকাৰণি দেখা গৈছিল । আহমেদাবাদৰ ভাদাজ, অংকুৰ, নিউ ভাদাজ আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল । যাৰ বাবে লোকসকল উদ্বিগ্ন হৈ পৰিছিল ।

লগতে পঢ়ক :সমগ্ৰ মণিপুৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযানৰ দাবী মন্ত্ৰী-বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.