মেষ ৰাশি:আজিৰ দিনটো মধ্যমীয়া ৷ মানসিক স্থিতি ঠিকে নাথাকিব পাৰে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰুৱা পৰিবেশে আপোনাৰ বাবে উদ্দেগৰ সৃষ্টি কৰিব পাৰে ৷ সকলোতে অলপ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক অন্যথা ইয়াৰ ফল আপুনি পিচত ভুগিব লাগিব আৰু আপোনাৰ হাতলৈ অহা কামত ব্যাঘাত জন্মাব ৷
বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক, কেইটামান দিন এনেদৰেই পাৰ হ’ব ৷ দিনৰ শেষ ভাগলৈ আপুনি ভাগৰি পৰিব পাৰে ৷ আশা কৰি থকা ফল পাওতে পলম হ’ব, ভ্ৰমণ শুভ নহ’ব ৷ এলাহে আপোনাক বেৰি ধৰিব ৷ শান্ত থাকক আৰু কাম কৰি থাকক ৷ খোৱা বোৱাত চকু ৰাখক আৰু নতুনকৈ একো আৰম্ভ নকৰিব ৷
মিথুন ৰাশি:গণেশৰ আৰ্শীবাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ পৰিয়ালৰ লগত সুন্দৰ ঠাইত ভ্ৰমণ কৰি মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে, বাহন ক্ৰয়ৰ বাবে সুন্দৰ সময় ৷ আপুনি ভাল পোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷
কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়াল সকলৰ সহযোগিতা লাভ কৰিব৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ এই সকলোবোৰৰ উপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷
সিংহ ৰাশি:গণেশৰ কৃপাত শুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ খঙক কাবু কৰি আপুনি আপোনাৰ কামত আৰু মনোনিবেশ কৰিব পাৰিব ৷ শৰীৰ ভালে থাকিব৷ এই সময়ত আপুনি ভাল পোৱা কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷
কন্যা ৰাশি:আজি বৰ ভাল দিন নহয় ৷ এলাহ আৰু মনোযোগহীনতাই আপোনাৰ কামবোৰ সঠিক সময়ত শেষ হ’বলৈ নিদিয়ে ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্দেগভাব আহিব, প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে আপোনাক অশান্তি দিব ৷ মাতৃৰ শৰীৰৰ বাবেও আপুনি চিন্তাত পৰিব ৷ সাৱধানে থাকক আৰু সম্পত্তি বিষয়ৰ কামত বা আইনী কামত বিশেষ সাৱধানতাৰ পৰিচয় দিয়ক ৷