মেষ ৰাশি:আজিৰ দিনটো নিজৰ কথা বেছিকৈ ভাবি থকাৰ সলনি আনৰ কথা ভাবক ৷ নিজৰ সাংসাৰিক দায়িত্ব পালন কৰাৰ সময়ত প্ৰত্যুৎপন্নমতি আৰু গঠনমূলক হওঁক ৷ আনৰ সৈতে বিনম্ৰ আচৰণ কৰক ৷ মতবিৰোধ আৰু বিতৰ্কৰ সৃষ্টি হ’বলৈ নিদিব ৷ সময়ত আজি ভোজন কৰাটো টান হ’ব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷ সকলো প্ৰকাৰৰ আৰ্থিক বিষয়ত সজাগ থাকক ৷
বৃষ ৰাশি: আৰ্থিক বিষয়ক লৈ পৰিকল্পনা আৰু সূচী তৈয়াৰ কৰাৰ কাৰণে গোটেই দিনটো আপুনি আৰ্থিক দায়িত্ব আৰু দায়বদ্ধতাৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰিব ৷ আৰ্থিক লাভৰ ইংগিত আছে ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ শান্ত আৰু ধীৰ-স্থিৰ হৈ আজি আপুনি দিনটোৰ সকলো প্ৰত্যাহ্বানক সহজতে মোকাবিলা কৰিব পাৰিব ৷ বিলাসী দ্ৰব্য, পাৰফিউম, কচমেটিক আদি ক্ৰয় কৰিব আৰু আনন্দ-ফূৰ্তি তথা মনোৰঞ্জনৰ নামত ব্যয়ৰ যোগ আছে ৷ পৰিয়ালৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা কৰাৰ ফলত আপোনাৰ আনন্দ আৰু পৰিতৃপ্তি বৃদ্ধি পাব ৷
মিথুন ৰাশি: আপোনাৰ কথা আৰু কাম ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে ৷ সতৰ্ক থাকক ৷ নিজৰ আবেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি ৷ বিশেষকৈ আপোনাৰ চকুৱে আমনি দিব ৷ অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ’ব পাৰে ৷ আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব পাৰে ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷
কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু ফলদায়ক ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব ৷ আপুনি যদি অবিবাহিত, তেতিয়া হ’লে বিবাহৰ যোগ আছে ৷ আয়ৰ উৎস বৃদ্ধি পাব ৷ অপ্ৰত্যাশিত সৌভাগ্যলাভৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ আৰ্থিক পৰিকল্পনা আৰু ব্যৱস্থাপনা সফলভাৱে বাস্তৱায়িত হ’ব ৷ বাহিৰত ক’ৰবাত ফুৰিবলৈ যাব পাৰে বা সুখকৰ ভ্ৰমণতো যাব পাৰে ৷
সিংহ ৰাশি:কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু মৰ্যাদা বৃদ্ধি পাব ৷ আপোনাৰ যোগ্যতা আৰু বুদ্ধিমত্তাৰ দ্বাৰা স্বীকৃতি লাভ কৰাৰ লগতে পুৰস্কৃত হ’ব ৷ আপুনি অত্যন্ত আত্মবিশ্বাসৰ সৈতে নিজৰ কামবোৰক চম্ভালি ল’ব পাৰিব আৰু সেইবোৰ সম্পন্ন কৰিব পাৰিব ৷ পিতৃৰ পৰা বিশেষ উপকৃত হ’ব ৷ বিভিন্ন ফালৰপৰা লাভ আৰু সুযোগ-সুবিধা আহি থাকিব ৷ মাটি-সম্পত্তি আদি ক্ৰয় কৰিবৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ৷
কন্যা ৰাশি:আজি আপুনি হতাশা আৰু বিষণ্ণতাৰ চিকাৰ হ’ব পাৰে ৷ সাজু থাকক ৷ আজি আপোনাৰ মনক দুশ্চিন্তা আৰু উদ্বেগে আগুৰি ৰাখিব ৷ আজি আপুনি অস্থিৰ অনুভৱ কৰিব, বিধ্বস্ত লাগিব নিজক, কামৰ প্ৰতি আগ্ৰহ নাথাকিব ৷ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা কোনো সহাঁৰি নাপাব, তেওঁলোকৰ পৰা কোনো সাহায্যও নাপাব ৷ প্ৰচণ্ড প্ৰতিযোগিতা আৰু শত্ৰুতাৰ ইংগিত আছে ৷ সাৱধানে থাকক ৷