মেষ ৰাশি : ঘৰলৈ আলহী-অতিথিৰ আগমনৰ সম্ভাৱনা ৷ তেওঁলোকৰ লগত হোৱা বাৰ্তালাপে আপোনাক আনন্দিত কৰি তুলিব ৷ দিনটো আপুনি ৰোগমুক্ত অনুভৱ কৰাৰ লগতে স্ফূৰ্তিত থাকিব ৷ ঘৰ আৰু কাৰ্যালয়ত লাভ কৰা সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ মাতৃৰ আগমনৰ সম্ভাৱনা, তেওঁ অনা উপহাৰে আপোনাৰ মন উৎফুল্লিত কৰিব ৷ লক্ষ্মীদেৱী আৰু গণেশৰ আৰ্শীবাদ লাভ ৷ ধন উপাৰ্জনৰ ক্ষেত্ৰত আপুনি কৰা কষ্টই সাৰ্থকতা লাভ কৰিব ৷
বৃষ ৰাশি : কথা কওতে সাৱধান ৷ দিনটোত বিপদৰ সম্ভাৱনা ৷ দুঃসংবাদ লাভৰ সম্ভাৱনা ৷ অত্যন্ত সচেতন হৈ থাকিব, অন্যথা বিপদ নিশ্চিত ৷ পূৰ্বৰে পৰা পাই অহা সমস্যাক আওকাণ নকৰি শৰীৰৰ যত্ন লওক ৷ বিশেষকৈ চকুৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ আজিৰ দিনটোত আপুনি সদায়ে অগ্ৰজসকলৰ পৰা পাই অহা সহায় নাপালেও তেওঁলোকৰ সমৰ্থন লাভ কৰিব ৷ ধনহানিৰ যোগ ৷
মিথুন ৰাশি : ভগৱান গণেশৰ কৃপা লাভ ৷ কষ্টৰ ফল লাভৰ যোগ ৷ ভাগ্য সুপ্ৰসন্ন ৷ চাৰিওদিশৰ পৰা লাভৱান হোৱাৰ যোগ ৷ কাৰ্যক্ষেত্ৰত মুকলিমনেৰে নিজৰ বিচৰা কামটোৰ কথা শীৰ্ষ নেতৃত্বৰ লগতে সহকৰ্মীসকলৰ আগত প্ৰকাশ কৰিব পাৰে ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে স্থায়ী বন্ধুত্বৰ যোগ ৷ বন্ধুৰ সৈতে সময় অতিবাহিত কৰক ৷ প্ৰিয়জনৰ পৰা সুখবৰ লাভৰ সম্ভাৱনা অধিক ৷
কৰ্কট ৰাশি :দিনটো সাধাৰণভাৱে পাৰ হ’ব ৷ কামৰ পৰিমাণ সাধাৰণ হ’লেও লাভান্বিত হ’ব ৷ কষ্টৰ ফল লাভ কৰি আনন্দিত হোৱাৰ লগতে মানসিকভাৱে শান্তি লাভ কৰিব ৷ কাৰ্যালয়ত আপোনাৰ কামত উচ্চপদস্থ বিষয়াসকলে সন্তুষ্টি লাভ কৰিব ৷ যাৰ বাবে আপুনি উপহাৰ হিচাপে পদোন্নতি লাভ কৰাৰ সম্ভাৱনা ৷ এইক্ষেত্ৰত কিবা ক’বলগীয়া থাকিলে পলম নকৰিব ৷ ঘৰ বা কাৰ্যালয়ৰ মেৰামতিৰ ক্ষেত্ৰত দিনটো শুভ ৷ পৰিয়ালৰ বাবে কৰা ব্যয়ৰ মাত্ৰা বৃদ্ধি ৷ অযথা চিন্তা পৰিহাৰ কৰক ৷ শৰীৰ অনুকুল ৷ ভ্ৰমণৰ যোগ ৷
সিংহ ৰাশি : গণেশৰ কৃপাত এটি সুন্দৰ দিন ৷ কৰ্মক্ষেত্ৰত কৰা কষ্টই লক্ষ্যত উপনীত হোৱাত সহায় কৰিব ৷ অতি নিয়াৰিকৈ আপোনাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব পালন কৰিব ৷ ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ তীৰ্থ ভ্ৰমণৰ যোগ ৷ কোনো কাৰণ অবিহনে মনৰ অস্থিৰতা বৃদ্ধি ৷ খং-ৰাগ বৃদ্ধি ৷ শাৰিৰীক সমস্যাই দেখা দিয়াৰ সম্ভাৱনা ৷ খঙক দমন কৰি নিজৰ কাৰ্য সম্পাদন কৰক ৷
কন্যা ৰাশি : নতুন কাম আৰম্ভ কৰাৰ বাবে উপযুক্ত সময় ৷ কামত মনোযোগ দিয়াৰ সমানে শৰীৰৰ যত্ন লওক ৷ সলনি কৰক খাদ্যাভাস ৷ ধন আৰু সম্পৰ্কৰ ক্ষেত্ৰত মনোযোগ দিয়ক ৷ ষ্ট্ৰীট ফুড পৰিহাৰ কৰক ৷ পানী থকা স্থানৰ পৰা আঁতৰত থাকক ৷ খং পৰিহাৰ কৰক ৷ ব্যক্তিগত জীৱনটো জটিলময় কৰি নুতুলিব, অন্যথা দুখৰ সম্ভাৱনা ৷