অসম

assam

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 12:02 AM IST

ETV Bharat / bharat

মেষ ৰাশিৰ আৰ্থিক লাভ...কন্যা ৰাশিৰ কৰ্মত সফলতা লাভ... কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 27th June

Daily Horoscope: আজিও কুম্ভ ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি:আজি কিছু সামাজিক কামৰ লগত জড়িত হ’ব পাৰে ৷ বন্ধু-বান্ধৱী আৰু আপোনজনৰ লগত দিনটো ভালদৰে পাৰ হ’ব ৷ বন্ধুৰ বাবে ধন খৰচ হ’ব আৰু তেওঁলোকৰ পৰাও আপুনি সুবিধা লাভ কৰিব পাৰিব ৷ ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ অৱশ্যে ব্যৱসায়ত ভাল লাভৰ আশা কৰিব পাৰে ৷ বৈবাহিক জীৱনত শান্তি আৰু সম্প্ৰীতি থাকিব ৷ আপোনাৰ বাবে নতুন উপাৰ্জনৰ সুযোগৰ সৃষ্টি হ’ব ৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে ৷ বিনিয়োগৰ পৰিকল্পনাও কৰিব পাৰিব ৷

বৃষ ৰাশি:আজি আপোনাৰ বাবে এক শুভ দিন ৷ বিশেষকৈ ব্যৱসায় কৰা সকলৰ বাবে আজি এক অতি ভাল দিন হ'ব ৷ কম কষ্ট কৰিলে আপুনি অধিক সুবিধা পাব ৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ পৰা সমৰ্থন পাব ৷ পাৰিবাৰিক জীৱনতো সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱীক লগ পালে আনন্দৰ সৃষ্টি হ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা অনুকূল দিন ৷ কোনো ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সাৱধানে থাকক আৰু স্বাস্থ্যৰ যত্ন লওক ৷

মিথুন ৰাশি: সময় আপোনাৰ বাবে অনুকূল নহয় বাবে আপোনাৰ কাম সম্পূৰ্ণ কৰাত পলম হ’ব ৷ নিয়োজিত লোকসকলে হয়তো কোনো কথাক লৈ চিন্তিত হৈ থাকিব পাৰে ৷ চৰকাৰী কামত সমস্যা হ’ব পাৰে ৷ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ শৰীৰ ভাগৰুৱা অনুভৱ কৰিব ৷ কোনো শাৰীৰিক সমস্যাই আপোনাক অশান্তি দিব পাৰে ৷ বিৰোধীৰ পৰা আঁতৰি থাকক ৷ প্ৰেম জীৱন স্বাভাৱিক হৈ থাকিব ৷ আৰ্থিক অৱস্থা স্বাভাৱিক হ’ব ৷

কৰ্কট ৰাশি:মানুহৰ নেতিবাচক চিন্তাধাৰাই আপোনাৰ মনটোক অস্থিৰ কৰি তুলিব ৷ মনক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় ৷ কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কাম কৰিলে কাম সহজে সম্পূৰ্ণ হ'ব ৷ বেছি কাম দেখি মানসিক চাপত পৰাতকৈ লাহে লাহে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ৷ খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হওক, অন্যথা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ খৰচ বৃদ্ধিৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হ’ব লাগিব ৷ এই সময়ত আয় বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে উপযুক্ত ফল পোৱা নাযাবও পাৰে ৷ নতুন সম্পৰ্কই আপোনাক বিপদত পেলাব পাৰে ৷ আজিয়েই নতুন কাম আৰম্ভ কৰা উচিত নহয় ৷

সিংহ ৰাশি:আজি আপুনি মনোৰঞ্জন আৰু ভ্ৰমণত সময় কটাব ৷ প্ৰেম জীৱনত সম্পৰ্ক উন্নত হ’ব ৷ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে ৷ বন্ধু-বান্ধৱীক লগ পোৱাটো বৰ আনন্দদায়ক নহ’ব ৷ বন্ধু-বান্ধৱীৰ প্ৰয়োজনত টকা খৰচ কৰিব লাগিব পাৰে ৷ ব্যৱসায়ীসকলে নিজৰ অংশীদাৰৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব ৷ অত্যাধিক তৰ্ক কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে ৷ ৰাজহুৱা জীৱন আৰু সামাজিক জীৱনত আপুনি কম সফলতা লাভ কৰিব ৷

কন্যা ৰাশি: পৰিয়ালত থকা আনন্দ আৰু উৎসাহৰ পৰিৱেশৰ বাবে আপোনাৰ মনটো সুখী হ’ব ৷ আপোনাৰ প্ৰিয় চৰিত্ৰৰ সৈতে বহু সময় কটাব পাৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ কামত সফলতা আৰু খ্যাতি পাব ৷ অফিচৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব ৷ বিষয়াসকলেও আপোনাৰ কামৰ শলাগ ল’ব ৷ ব্যৱসায়ত বিৰোধীৰ পৰা লোকচানৰ সম্ভাৱনা আছে ৷ অৱশ্যে ধৈৰ্য ধৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰক ৷ ব্যৱসায়ত খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ৷

তুলা ৰাশি: আজি আপুনি যিকোনো সভাতে আপোনাৰ ধাৰণাৰ দ্বাৰা মানুহৰ পৰা সন্মান লাভ কৰিব ৷ আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব ৷ তেওঁলোকে আগবাঢ়ি যাব ৷ বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব ৷ আপোনাৰ পৰিয়ালৰ সৈতে ভাল দিন পাৰ কৰিব ৷ অৱশ্যে অত্যধিক চিন্তাত মনটো বিচলিত হৈ পৰিব ৷ মানসিক সতেজতাৰে আজিৰ সকলো কাম কৰিবলৈ চেষ্টা কৰিব ৷ বিনিয়োগৰ সন্দৰ্ভত এতিয়া কোনো পৰিকল্পনা নকৰাই মংগল ৷

বৃশ্চিক ৰাশি: আজি কৰ্মক্ষেত্ৰত কাৰোৰে পৰা আপুনি সমৰ্থন নোপোৱাৰ বাবে হতাশাৰ অনুভৱ কৰিব পাৰে ৷ আত্মীয়ৰ সৈতে হোৱা সংঘাতে আপোনাৰ মন বিচলিত কৰিব পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে ৷ সমাজত আৰ্থিক লোকচান আৰু বদনাম হোৱাৰ সম্ভাৱনা আছে ৷ আজি মাটি, সম্পত্তি বা বাহনৰ সৈতে মোকাবিলা নকৰিব ৷ যিকোনো পানীৰ ঠাইৰ পৰা আঁতৰি থাকক ৷ বাহন চলাওতে সাৱধান হওক ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও সময় অনুকূল নহয় ৷ ঋতুভিত্তিক অসুস্থতাৰ সম্ভাৱনা থাকিব ৷ প্ৰেম জীৱনৰ পৰিস্থিতিবোৰ স্বাভাৱিক কৰিবলৈ আপুনি চেষ্টা কৰা উচিত ৷

ধনু ৰাশি:আজি আপুনি নতুন কাম কৰিবৰ বাবে অনুপ্ৰাণিত হ’ব ৷ কৰ্মক্ষেত্ৰত কিছু নতুন কাম কৰিবলৈ আপুনি অধিক উৎসাহী হ’ব ৷ ব্যৱসায় সম্প্ৰসাৰণৰ নতুন পৰিকল্পনা কৰিব ৷ স্বাস্থ্য ভাল হ’ব আৰু মনটো সুখী হ’ব ৷ ক্ষন্তেকীয়া ভ্ৰমণৰ সম্ভাৱনা আছে ৷ বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ লগত সময় কটালে আনন্দ অনুভৱ কৰিব ৷ ভাগ্য আপোনাৰ লগত থাকিব ৷ ব্যৱসায়ত অগ্ৰগতি হ’ব ৷ ইয়াৰ ফলত অৰ্থনৈতিক লাভ হ’ব পাৰে ৷ উপাৰ্জনৰ নতুন উৎস খোল খাব পাৰে ৷

মকৰ ৰাশি: মুখৰ বাক্য নিয়ন্ত্ৰণ কৰিলে বহু অসুবিধাৰ পৰা হাত সাৰিব পাৰিব ৷ আপুনি আজি মানুহৰ লগত অতি সাৱধানতাৰে কথা পাতিব লাগিব ৷ কৰ্মক্ষেত্ৰত পুনৰ পুৰণি বিবাদৰ সৃষ্টি হ’ব পাৰে ৷ আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব লাগিব ৷ বাহিৰত খাদ্য খোৱা-বোৱা পৰিহাৰ কৰক ৷ শ্বেয়াৰ বা জল্পনা-কল্পনাত মূলধন বিনিয়োগ কৰিব পাৰিব ৷ মানসিক ভয় আৰু অসন্তুষ্টি অনুভৱ কৰিব ৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিব ৷ অৱশ্যে দুপৰীয়াৰ পিছত পৰিস্থিতি উন্নত হ’ব ৷ আপোনাৰ ইতিবাচক মনোভাৱে আপোনাক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে ৷

কুম্ভ ৰাশি:শাৰীৰিক, মানসিক আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে এটা ভাল দিন ৷ কৰ্মক্ষেত্ৰত নিয়োজিত লোকে কোনো সুবিধা লাভ কৰিব ৷ ব্যৱসায়ীসকলেও আৰ্থিক সুবিধা লাভ কৰিব পাৰিব ৷ আপোনাৰ প্ৰিয় লোকৰ সৈতে থাকি আপুনি সুখী অনুভৱ কৰিব ৷ পৰিয়ালৰ সৈতে সময় কটাওক বা বন্ধু-বান্ধৱীৰ লগত অলপ বাহিৰলৈ ওলাই যাওক আনন্দ অনুভৱ কৰিব ৷ বৈবাহিক জীৱনৰ মধুৰতা উপভোগ কৰিব পাৰিব ৷ উপহাৰ আৰু ধন লাভ কৰিব ৷ গোটেই দিনটো সুখেৰে কটাব ৷

মীন ৰাশি:আজি আপুনি এলেহুৱা অনুভৱ কৰিব ৷ কৰ্মক্ষেত্ৰত কাম সম্পূৰ্ণ কৰিবলৈ মন নাযাব ৷ কামৰ বোজা বৃদ্ধিৰ বাবে আপুনি চিন্তিত হৈ থাকিব পাৰে ৷ আজি ধৰ্মীয় কাম-কাজত ব্যয় হ’ব ৷ আত্মীয়ৰ পৰা আঁতৰি থকাৰ বাবে হতাশ হৈ পৰিব পাৰে ৷ আজি আদালতৰ কামত অতি সাৱধান হওক ৷ কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে ৷ নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ কোনো নতুন বিনিয়োগৰ সন্দৰ্ভত লোভ নকৰিব ৷ আজি মিশ্ৰিত ফলাফলৰ দিন ৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও সময় স্বাভাৱিক ৷ ঘৰুৱা জীৱনতো আপোনাৰ পত্নীৰ অনুভৱক সন্মান জনাওক ৷

লগতে পঢ়ক:এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ABOUT THE AUTHOR

...view details