নেশ্যনেল ডেস্ক, 30 জানুৱাৰী:কন্যা সন্তানৰ হেঁপাহত এটা দম্পতীয়ে আকোঁৱালি ল’লে অপৰাধৰ পথ । সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এহাল দম্পতীক, যিয়ে শিশুটিৰ মাতৃৰ চকুত জলকীয়াৰ গুড়ি নিক্ষেপ কৰি তিনিমহীয়া শিশু এটাক অপহৰণ কৰে । যোৱা 28 জানুৱাৰীত উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ মাণ্ডী অঞ্চলৰ সমীপত ঘটনাটো সংঘটিত কৰা বুলি অভিযোগৰ আঙুলি উঠিছিল মুস্কান আহমেদ আৰু বক্কাৰ আহমেদৰ বিৰুদ্ধে ৷ কন্যা সন্তানৰ মোহত তিনিমহীয়া শিশুটিৰ মাতৃ মেহকক আক্ৰমণ কৰি শিশুটিক লৈ পলায়ন কৰিছিল দম্পতীটোৱে ।
আৰক্ষীয়ে অপহৰণকাৰীক আটক কৰি চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰাৰ পিছত ভাৰতীয় দণ্ডবিধিৰ 363 A ৰ অধীনত গোচৰ ৰুজু কৰে । এই এজাহাৰ দাখিল কৰিছে মেহকৰ স্বামী মুত্তলিবে ।
সূত্ৰ অনুসৰি, 62 ফুটা ৰোডৰ বাসিন্দা আছিল অভিযুক্ত দম্পতী ৷ এগৰাকী ছোৱালী সন্তানক তুলি ল’বলৈ আৰ্থিকভাৱে টনকিয়াল পৰিয়ালটোৱে গৰ্ভধাৰণৰ খৰচ বহন কৰিব পৰা নাছিল, সেয়েহে তেওঁলোকে এটা পৰিকল্পনা ৰচিলে আৰু মেহকৰ কেঁচুৱাটোক অপহৰণ কৰাৰ সিদ্ধান্ত লয় ৷