নেশ্যনেল ডেস্ক, 2 মাৰ্চ:শনিবাৰে পশ্চিমবংগৰ কৃষ্ণনগৰৰ বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷লোকসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰাৰ লগতে ৰাজ্যখনত দলীয় প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
কৃষ্ণনগৰত উপস্থিত হৈপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে আৰু দলটোৰ নেতৃত্বত অপৰাধ আৰু দুৰ্নীতি বৃদ্ধি হৈছে বুলি দলটোক কটাক্ষ কৰে ৷ লগতে মোদীয়ে তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ উন্নয়নতকৈ দুৰ্নীতি আৰু তেওঁলোকৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে বুলি কয় । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে টিএমচি চৰকাৰে ৰাজনৈতিক গাদী দীৰ্ঘ দিন পৰ্যন্ত ধৰি ৰখাৰ বাবে ৰাজ্যবাসীক দৰিদ্ৰ কৰি ৰাখিব বিচাৰিছে । লগতে মোদীৰ নেতৃত্বত পশ্চিমবংগত প্ৰথমখন পূৰ্ণাংগ এইমছ চিকিৎসালয় স্থাপন কৰা হৈছিল বুলিও উল্লেখ কৰে মোদীয়ে ।
সন্দেশখালিত চলি থকা হুলস্থুলৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিএমচি দলটোক সমালোচনা কৰি কয় যে সন্দেশখালিৰ মহিলাসকলে ন্যায়ৰ অপেক্ষাত থাকিল যদিও টিএমচি চৰকাৰে তেওঁলোকক আওকাণ কৰিলে । ইয়াৰ উপৰিও তেওঁ দলটোৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক হৈ কয়," ইয়াত আৰক্ষীয়ে নহয় অপৰাধীয়ে নিজে সিদ্ধান্ত লয় তেওঁলোকে কেতিয়া আত্মসমৰ্পণ কৰিব ।"