নিউজ ডেস্ক, ১৯ আগষ্ট: এই পৃথিৱীত জন্ম হৈছো যেতিয়া মৃত্যুও অনিৰ্বায্য ৷ মৃত্যুক আমি কোনেও জয় কৰিব নোৱাৰো ৷ আমাৰ প্ৰত্যেকৰে দৈনন্দিন জীৱনত মৃত্যুৰ ছাঁই আবৰি ৰাখিছে । আমি বিচনাত শুই থকা অৱস্থাত বা ৰাস্তা পাৰ হওঁতে অথবা ক’ৰবাত বহি থাকোতে, যি কোনো মুহূৰ্ততে মৃত্যু আহিব পাৰে । এনে এক ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেংগালুৰুত ৷ বেংগালুৰু প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি থকা সময়তে হঠাৎ হাৰ্ট এটেক হৈ অকাল মৃত্যুক আকোৱালি লয় এগৰাকী কংগ্ৰেছ নেতাই । মৃত কংগ্ৰেছ নেতাজনৰ নাম চি কে ৰবিচন্দ্ৰন ।
কৰ্ণাটকৰ কোলাৰৰ বাসিন্দা ৰবিচন্দ্ৰন আৰ আৰ নগৰৰ চন্নসন্দ্ৰত বাস কৰিছিল । তেওঁ এখন ব্যক্তিগত বিদ্যালয় চলাইছিল আৰু কংগ্ৰেছ দলত সুপৰিচিত আছিল । কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ তেওঁ সদস্য আছিল । MUDA কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ তৰিবলৈ ৰাজ্যপালৰ অনুমতিৰ বিৰুদ্ধে ৰাজ্যৰ পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সন্থাই সোমবাৰে বেংগালুৰু প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰিছিল ৷
চি কে ৰবিচন্দ্ৰনে জনসংগ্ৰাম আৰু কংগ্ৰেছ পাৰ্টিৰ প্ৰতিনিধি হিচাপে সংবাদমেলত অংশগ্ৰহণ কৰে । সংবাদমেলখন সম্বোধন কৰা সময়তে হঠাতে হাৰ্ট এটেক হৈ তেওঁ চকীৰ পৰা মাটিত ঢলি পৰে ৷ তেওঁক লগে লগে স্থানীয় হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ আগতেই তেওঁৰ মৃত্যু হয় বুলি হাইগ্ৰাউণ্ডছ আৰক্ষীয়ে জানিবলৈ দিয়ে ।