নতুন দিল্লী:মণিপুৰৰ ৰাজনৈতিক সংকট অব্যাহত আছে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে পদত্যাগ কৰাৰ ৩ দিনতকৈও অধিক সময় হৈ গ’ল যদিও ৰাজ্যখনত এতিয়ালৈকে কাকো মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হোৱা নাই । ইফালে ৬ মাহৰ ভিতৰত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সময়সীমাও আজি সমাপ্ত হৈছে । ইয়াকে লৈ সমালোচনামুখৰ হৈ পৰিছে কংগ্ৰেছ দল ৷
বৃহস্পতিবাৰে কংগ্ৰেছে অভিযোগ কৰে যে দুখন বিধানসভাৰ অধিৱেশনৰ মাজত ছমাহতকৈ অধিক ব্যৱধান থাকিব নোৱাৰে বুলি উল্লেখ কৰা ১৭৪ নং অনুচ্ছেদক মণিপুৰত ‘উলংঘা’ কৰা হৈছে আৰু এইটো ‘ইচ্ছাকৃতভাৱে সংবিধানক অৱমাননা’ ৷ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে X ত কয় যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মণিপুৰৰ জনসাধাৰণে এতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অপেক্ষা কৰি আছে ।
ৰমেশে X ত এই সন্দৰ্ভত কয়, “ভাৰতীয় সংবিধানৰ ১৭৪ নং অনুচ্ছেদত কোৱা হৈছে- ‘ৰাজ্যপালে বিধানসভাৰ প্ৰতিটো সদন বা সদনক সময়ে সময়ে তেওঁ উপযুক্ত বুলি ভবা সময়ত আৰু স্থানত বৈঠকত মিলিত হ’বলৈ আহ্বান জনাব লাগে, কিন্তু এখন অধিবেশনৰ অন্তিমখন বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী অধিবেশনত প্ৰথমখন বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা তাৰিখৰ মাজত ছমাহতকৈ অধিক সময় হ’ব নালাগিব ৷"
তেওঁ কয় যে মণিপুৰৰ ৰাজ্যপালগৰাকীয়ে ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত বিধানসভাৰ অধিৱেশন আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল আৰু কংগ্ৰেছে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱটো বিবেচনা কৰিবলগীয়া আছিল ৷ কিন্তু ইয়াৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছিল আৰু পৰৱৰ্তী সময়ত অধিৱেশনখন বাতিল কৰা বুলি ঘোষণা কৰা হৈছিল ।
কংগ্ৰেছ নেতা জয়ৰামে X ত লগতে কয়, “এতিয়া ছমাহ পাৰ হৈ গ'ল । ১৭৪ অনুচ্ছেদ স্পষ্টভাৱে উলংঘা কৰা হৈছে । এয়া সংবিধানক ইচ্ছাকৃত অৱজ্ঞাৰ বাহিৰে আন একো নহয় ।"