নেশ্যনেল ডেস্ক,১৫ ফেব্ৰুৱাৰী :বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰা হয় । বোমা বিস্ফোৰণৰ জৰিয়তে নীতিশ কুমাৰক হত্যাৰ ভাবুকি দিছিল অভিযুক্তজনে । অৰ্থনৈতিক অপৰাধ গোটে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰি অভিযুক্তজনক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰে । অভিযুক্তজন বিহাৰৰ সমস্তিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । অভিযুক্তজনৰ নাম হৈছে চনু পাছৱান । তেওঁ সমস্তিপুৰ জিলাৰ হাচনুপুৰ দয়ানগৰৰ বাসিন্দা । অভিযুক্ত যুৱকজনে বিএনএম হাইটেক এগ্ৰ' উদ্যোগ ৰাইচ মিলত বস্তা চিলাইকাৰী হিচাপে কাম কৰে ।
অভিযুক্ত চনুৱে জেৰাৰ সময়ত মুখ্যমন্ত্ৰীক ভাবুকি দিয়াৰ কথা স্বীকাৰ কৰিছে । অভিযুক্তজনৰ মতে বিহাৰত বৰ্ধিত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাক লৈ তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত অসন্তুষ্ট আছিল । যাৰ বাবে তেওঁ ভাবুকিপূৰ্ণ অডিঅ' ক্লিপটো প্ৰেৰণ কৰিছিল । অৱশ্যে তেওঁ আৰক্ষীক কৈছে যে তেওঁৰ কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই ।
অভিযুক্তজনে হোৱাটছএপৰ জৰিয়তে অডিঅ' ক্লিপটো বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ এছ ভাট্টিৰ মোবাইললৈ প্ৰেৰণ কৰিছিল । অডিঅ' ক্লিপটোত অভিযুক্তজনে কৈছিল, "মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিজেপিৰ পৰা আঁতৰি যাবলৈ কওঁক নহ'লে আমি বোমা নিক্ষেপ কৰিম ।" অডিঅ' ক্লিপটো আৰক্ষী সঞ্চালক প্ৰধানে ৩০ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত লাভ কৰিছিল । অভিযুক্তজনে ৫ টা ভাবুকিপূৰ্ণ ক্লিপ প্ৰেৰণ কৰিছিল । লগে লগে আৰক্ষী বিভাগত এক আলোড়ন সৃষ্টি হৈছিল আৰু তদন্ত প্ৰক্ৰিয়াও আৰম্ভ হৈছিল ।