নতুন দিল্লী: দুয়োজনেই দিল্লীৰ মুখ্যমন্ত্ৰী আছিল ৷ এগৰাকী দীঘলীয়া সময়ৰ বাবে আৰু আনগৰাকী চমু কাৰ্যকালৰ বাবে ৷ কিন্তু দুয়োৰে নিজা নিজা সমষ্টিৰ জনতাই দীঘলীয়া সময়ৰ বাবে ৰাজপাটত থকাজনক আতঁৰাই কম সময়ৰ বাবে থকাজনক জিকাই পঠিয়ালে ৷ তেওঁ হ’ল দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী ৷ আনহাতে পৰাজয় বৰণ কৰিলে তিনিবাৰৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ কেজৰিৱাল নতুন দিল্লী সমষ্টিত পৰাস্ত হোৱাৰ বিপৰীতে কালকাজী আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী তথা আপৰ নেত্ৰী আতিশীয়ে ।
আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লী সমষ্টিৰ আসনত বিজেপিৰ পৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত হয় । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৪ ৰাউণ্ড গণনাৰ অন্তত বাৰ্মাই অৰবিন্দ কেজৰিৱালক ৪,০৮৯ টা ভোটত পৰাস্ত কৰে । ইফালে সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰে ৪,৫৬৮টা ভোট । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমষ্টিটোত ভোটদানৰ হাৰ ৫৬.৪১ শতাংশ ।
মূল প্ৰাৰ্থী (নতুন দিল্লী সমষ্টি)- ফলাফল
- অৰবিন্দ কেজৰিৱাল (আপ) - ২৫,৯৯৯ টা ভোট
- পৰৱেশ বাৰ্মা (বিজেপি) - ৩০,০৮৮ টা ভোট
- সন্দীপ দীক্ষিত (কংগ্ৰেছ) - ৪,৫৬৮ টা ভোট
ইফালে কালকাজীৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে । তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ শেষত তেওঁ বিজেপিৰ ৰমেশ বিধুৰীক পৰাস্ত কৰে । ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা আছিল কালকাজীৰ কংগ্ৰেছ প্ৰাৰ্থী ৷ তেৱোঁ নিৰ্বাচনত পৰাস্ত হৈছে । ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৩,৫২১ টা ভোটত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে ।
মূল প্ৰাৰ্থী (কালকাজী সমষ্টি)- ফলাফল