হিছাৰ:হাৰিয়ানাৰ হিছাৰ জিলাত দেওবাৰে নিশা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । শুই থকা অৱস্থাতেই শিশুৰ ওপৰত ইটাৰ বেৰ খহি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোত চাৰিটা শিশুৰ মৃত্যু হয় । মৃত এই চাৰি শিশুৰ ভিতৰত এটা তিনিমহীয়া কেঁচুৱাও আছে ।
দুৰ্ঘটনাটোৰ সময়ত শিশুকেইটিৰ পিতৃ-মাতৃয়ে ভাতাত কাম কৰি আছিল । নিহত শিশুকেইটিৰ আটাইকেইটাৰ পৰিয়াল উত্তৰ প্ৰদেশৰ । আনহাতে, আঘাতপ্ৰাপ্ত শিশুসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন এগৰাকী ৫ বছৰীয়া কন্য়াশিশুৰ অৱস্থা সংকটজনক।
দুৰ্ঘটনাটোত ৪ টা শিশুৰ মৃত্যু :
এই ঘটনাটো নৰনাউণ্ডৰ বুদানা গাঁৱত সংঘটিত হৈছে । বহুতো শ্ৰমিকে ইয়াত ইটাভাতাত কাম কৰি আছিল । তেওঁলোকৰ ল'ৰা-ছোৱালীকেইটি চিমনিৰ ওচৰৰ দেৱালৰ ওচৰত শুই আছিল । দেৱালখন চাৰিওফালৰ পৰা আগুৰি থকা আৰু বাহিৰলৈ যাবলৈ এখন ডাঙৰ গেট আছে ।
শিশুসকল য'ত শুই আছিল তাতেই ভাতা চিমনিৰ কাষৰ দেৱালখন নিশা খহি পৰে । লগে লগে ঘটনাস্থলীত তিনিটা শিশুৰ মৃত্যু হয় । আনহাতে, এই দুৰ্ঘটনাটোত কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হয় । আহত সকলক খৰখেদাকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত এটি তিনিমহীয়া শিশুৰ মৃত্যু হয় ।