নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী :সাপ ধৰি নাম উজলালে সূৰ্যকান্তই ৷ ছত্তীশগড়ৰ ধামতাৰীৰ ৰুদ্ৰী অঞ্চলত ঘৰ সূৰ্যকান্তৰ ৷ অঞ্চলটোৰ যিকোনো ঘৰত সাপে প্ৰৱেশ কৰিলেই, সাপ উদ্ধাৰৰ একমাত্ৰ সহায় হৈছে সূৰ্যকান্ত ৷ তেওঁ সাপ ধৰাত ইমানেই পাকৈত যে, কেৱল স্থানীয় লোকেই নহয় আনকি বন বিভাগৰ লোকেও সহায়ৰ বাবে সূৰ্যকান্তৰ ওচৰলৈ যায় । এতিয়ালৈকে চহৰখনৰ ৰুদ্ৰী ৰোড এলেকাত এই ব্যক্তিজনে 3,500 ৰো অধিক বিষাক্ত সাপ ধৰিছে ৷
স্থানীয় লোকসকলৰ অনুসৰি, কেইবা দশক ধৰি ৰুদ্ৰী বিষাক্ত সাপৰ বাসস্থান । এই অঞ্চলত গ্ৰীষ্মকালত প্ৰায়েই বিষাক্ত সাপে ঘৰত প্ৰৱেশ কৰে ৷ অঞ্চলটোত কেতিয়াবা সাপৰ খোঁটাৰ ফলত মানুহৰ মৃত্যু হোৱা ঘটনাও সংঘটিত হৈছে ৷
সূৰ্যকান্তই এই ঘটনা সন্দৰ্ভত কয় যে, তেওঁ মোবাইলত এটা ইউটিউব ভিডিঅ’ চাই সাপ উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰিছিল । "ভিডিঅ’টো চোৱাৰ সময়ত মই দেখিছিলো যে এজন সাপ ধৰা মানুহে কিমান সহজে সাপ এটা ধৰিছিল । এই ভিডিঅ’টোৱে মোক মোক সাপ ধৰিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ কিয়নো প্ৰতিদিনে অঞ্চলটোত সাপে চিন্তাৰ কাৰণ হৈ আহিছে । মই অনুভৱ কৰিছিলো যে, মই সাপ ধৰিবলৈ সক্ষম হ’লে মানুহৰ প্ৰাণৰক্ষা কৰাৰ লগতে সাপক লোকে আক্ৰমণ কৰাৰ পৰাও বচাব পাৰি ৷" তেওঁ কয় ৷