নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰী: এটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ মৃত্যুক লৈ গৰম হৈছে ছত্তীশগড়ৰ ৰাজনীতি ৷ কাৱাৰ্ধ জিলাৰ এটা জনজাতীয় পৰিয়ালৰ তিনি সদস্যৰ মৃত্যুক লৈ ব্যাপক ৰাজনৈতিক বিতৰ্ক চলিছে ৰাজ্যখনত ৷ প্ৰথমে ঘটনাটো এটা অগ্নিকাণ্ড বুলি ধাৰণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক হত্যাকাণ্ড বুলি বিবেচনা কৰা হয় ৷ ইফালে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এজন কংগ্ৰেছ নেতাই তেওঁলোকক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলিছে ৷ এই কাৰ্যক তীব্ৰভাৱে গৰিহনা জনাইছে শাসনাধিষ্ঠ বিজেপি দলে ৷
আনহাতে কংগ্ৰেছে জনজাতীয় সমাজক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে । এই সন্দৰ্ভত এতিয়ালৈকে ১৪ জন লোকক সন্দেহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে । যোৱা ১৫ জানুৱাৰীত কাৱাৰ্ধৰ নগাধৰাত বাইগা জনজাতীয় এটা পৰিয়ালৰ তিনিজন সদস্য বুধৰাম, হিমাৰতি আৰু শিশু জানহু ৰামক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।
তদন্তৰ অন্তত আৰক্ষীয়ে এই ঘটনাক হত্যা বুলি অভিহিত কৰে । জানিব পৰা মতে বুধৰামৰ ৰাজু বাই নাম এজন লোকৰ লগত ভূমি বিবাদ আছিল । ৰাতি পৰিয়ালৰ তিনিওকে হত্যা কৰি তেওঁলোকৰ জুপুৰিটোত জুই লগাই দিয়া হয় । এই গোচৰত গ্ৰেপ্তাৰ হোৱা ১৪ জনৰ ভিতৰত ৰাজুৱে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ।
কাৱাৰ্ধৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে সংবাদমেল অনুষ্ঠিত কৰাৰ পাছত পৰিস্থিতিয়ে বেলেগ ৰূপ ধাৰণ কৰে । পল্লৱে কয় যে, ঘটনাৰ দ্বিতীয় দিনা পাণ্ডাৰীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নীলকান্ত চন্দ্ৰবংশীয়ে এই হত্যাকাণ্ডৰ বিষয়ে জানিব পাৰিছিল । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে প্ৰত্যক্ষদৰ্শীয়ে তেওঁক কৈছিল যদিও, তেওঁ প্ৰত্যক্ষদৰ্শীজনক আৰক্ষীক এই বিষয়ে ক’বলৈ বাধা দিছিল ।