নিউজ ডেস্ক, ৬ জুন : চন্দ্ৰবাবু নাইডুৱে অহা ১২ জুনত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । অহা ৮ বা ৯ জুনত প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ পিচত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব । জানিব পৰা মতে, তেলুগু দেশম পাৰ্টীয়ে এই সিদ্ধান্ত লোৱাৰ কাৰণ এন ডি এৰ মিত্ৰশক্তিয়েও শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে ।
উল্লেখ্য, বিজেপিৰ সংসদীয় বৈঠকৰ পিচত পুনৰবাৰ এন ডি এ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । এই বৈঠকত মিত্ৰজোঁটৰ সকলো সাংসদ উপস্থিত থাকিব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে । টিডিপিৰ সূত্ৰই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান চলিত মাহৰ ৮ বা ৯ তাৰিখে অনুষ্ঠিত হ'ব । ইয়াৰ পিচত চন্দ্ৰবাবুৱে শপত গ্ৰহণ কৰিব । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চন্দ্ৰবাবুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।
সম্ভাৱ্য কেবিনেট
মিত্ৰদল জনসেনা আৰু বিজেপি চন্দ্ৰবাবুৰ মন্ত্ৰীসভাত অংশীদাৰ হ'বনে ? যদি দল দুটাই মন্ত্ৰীসভাত যোগদান কৰে, তেন্তে দল দুটাৰ পৰা মন্ত্ৰী কোন হ'ব ? আনহাতে, টিডিপিৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব তাকে লৈও চৰ্চা চলিছে । পদযাত্ৰাৰ জৰিয়তে টিডিপি শাসনলৈ অহাৰ ক্ষেত্ৰত অতি সক্ৰিয় হোৱা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক লোকেশে এইবাৰ মন্ত্ৰীসভাত যোগদান কৰিবনে বা তেওঁ দলত গুৰুত্বপূৰ্ণ দায়িত্ব ল'বনে নাই সেই বিষয়েও আলোচনা হৈছে । উল্লেখ্য, এইবাৰৰ নিৰ্বাচনত ভোটাৰ ৰাইজে বহু নেতাক জয়ী কৰোৱাৰ লগতে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে দলটোক ক্ষমতালৈ আনিছে । এইবাৰ আশাকৰা হৈছে যে চন্দ্ৰবাবুৱে নিকা ভাবমূৰ্তি থকা নেতাসকলক গুৰুত্ব প্ৰদান কৰিব ।