ETV Bharat / bharat

দুটাকৈ ভূতৰ বিৰুদ্ধে এজাহাৰ দাখিল : আৰক্ষীয়ে প্ৰদান কৰিলে আশ্বাস - COMPLAINT AGAINST GHOST - COMPLAINT AGAINST GHOST

FIR against ghosts: দুটাকৈ ভূতৰ বিৰুদ্ধে অভিযোগ লৈ থানাত উপস্থিত এগৰাকী মহিলা ৷ ভূত দুটাই বহুদিন ধৰি মহিলাগৰাকীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ ৷ ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষীৰ ৷

FIR against ghosts
ভূতৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 10:36 PM IST

নিউজ ডেস্ক, 6 জুলাই : বিভিন্ন সময়ত ভিন্ন লোক আৰক্ষীৰ কাষ চাপে কাৰোবাৰ বিৰুদ্ধে গোচৰ লৈ ৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত কৰে ৷ কিন্তু এগৰাকী মহিলাই থানালৈ যিটো গোচৰ লৈ গ’ল, সেই গোচৰ লাভ কৰি আৰক্ষী বিপাঙত পৰাই নহয়, বহু সময় স্তব্ধ হৈ পৰিল ৷ কিয়নো, মহিলাগৰাকীয়ে থানাত এজাহাৰ দিছে দুটাকৈ ভূতৰ বিৰুদ্ধে ৷

মহিলাগৰাকীৰ অভিযোগ অনুসৰি দুটা ভূতে তেওঁৰ শোৱা-খোৱা সকলো হৰিছে ৷ ভূত দুটাৰ উৎপাতত মহিলাগৰাকী থাকিব পৰা নাই ৷ আৰক্ষীৰ কাষ চপাৰ পূৰ্বে মহিলাগৰাকীয়ে যথেষ্ট চেষ্টা কৰিলে অশান্তিৰ সৃষ্টি কৰা ভূত দুটাক এশিকনি দিবলৈ, কিন্তু নোৱাৰিলে ৷ সেয়ে উপায়ন্তৰ হৈ উপস্থিত হ’ল থানাত ৷ এজাহাৰ দাখিল কৰিলে ভূত দুটাৰ বিৰুদ্ধে ৷

কাহানিও নুশুনা সত্য ঘটনাটো মধ্য প্ৰদেশৰ জবলপুৰৰ ৷ জবলপুৰৰ সঞ্জীৱনী নগৰ অঞ্চলৰ এগৰাকী বৃদ্ধাই ভূতৰ বিৰুদ্ধে অভিযোগ লৈ আৰক্ষী থানাত উপস্থিত হয় ৷ ইয়াৰ পিচতে কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰক্ষী ৷ স্নাতক ডিগ্ৰীধাৰী মহিলাগৰাকীয়ে জবলপুৰৰ সঞ্জীৱনী নগৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ আছে যে কাৰাগাৰত থকা বাপ দাদা নামৰ এজন তান্ত্ৰিকে ভূতৰ জৰিয়তে তেওঁক হাৰাশাস্তি কৰি আছে ৷ তান্ত্ৰিকজনে কাৰাগাৰৰ পৰাই ভূতবোৰ নিয়ন্ত্ৰণ কৰি আছে ৷ আৰক্ষীয়ে মহিলাগৰাকীক পাৰ্যমানে বুজনি দিয়ে যে ভূতৰ অস্তিত্ব নাই ৷ তথাপি মহিলাগৰাকীক সম্পূৰ্ণ সহায় কৰিব বুলি আৰক্ষীয়ে আশ্বাস দিয়ে ৷

লগতে পঢ়ক: ঘৰত থাকিব নোৱাৰা হৈছে এটা পৰিয়াল; চকুৰ আগত দেখিছে অদ্ভূত কিছুমান ঘটনা

৬০ বছৰীয়া মহিলাগৰাকীয়ে কয় যে দুটা ভূতে তেওঁক ভয় খুৱাই থাকে ৷ দুটা ভূতৰ এটা ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু এটা বাহিৰত আছে ৷ ভূত দুটাই বিভিন্ন ধৰণৰ শব্দ কৰি থাকে ৷ ফলত তেওঁ ভীতিগ্ৰস্ত হৈ পৰিছে ৷ বহুতো ব্যৱস্থা লোৱা হৈছে যদিও ভূতকেইটা তেওঁক এৰি যোৱা নাই ৷ আৰক্ষী বিষয়াক মহিলাগৰাকীয়ে কয় যে এজন তান্ত্ৰিকে তেওঁৰ পিচফালে ভূত এৰি গৈছিল । তান্ত্ৰিকজনৰ নাম হৈছে বাপ দাদা ৷ মহিলাগৰাকীয়ে লগতে জনায় যে তান্ত্ৰিকজন এটা অপৰাধৰ বাবে কাৰাগাৰত আছে ৷ কাৰাগাৰৰ ভিতৰৰ পৰা তান্ত্ৰিকজনে তন্ত্ৰ-মন্ত্ৰ কৰি মহিলাগৰাকীক হাৰাশাস্তি কৰি আছে বুলি অভিযোগ দিয়ে তেওঁ ৷

অৱশ্যে সঞ্জীৱনী নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জলি উডেনিয়াই কয় যে মহিলাগৰাকীৰ মানসিক স্থিতি ভাল নহয় ৷ তথাপি আৰক্ষীয়ে তেওঁ কোৱা কথাবোৰ শুনিছিল ৷ তেওঁ দাখিল কৰা এজাহাৰো গ্ৰহণ কৰা হয় ৷ কিন্তু মহিলাগৰাকীয়ে তান্ত্ৰিকৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা ক’ব নোৱৰাৰ লগতে তেওঁক কিয় হাৰাশাস্তি কৰি আছে সেয়াও ক’ব নোৱাৰিলে ৷

অভিযোগকাৰী মহিলাগৰাকীয়ে কয় যে যদি ভূতবোৰে যদি তেওঁক পুনৰ আমনি কৰে, তেন্তে তেওঁ পুনৰ আৰক্ষীৰ কাষলৈ আহিব ।

লগতে পঢ়ক: অশৰীৰ আত্মাৰ কোলাহল; গাৰ নোম শিয়ৰি উঠা ভূতৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.