বিগত দশকত হোৱা দ্ৰুত অগ্ৰগতিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ যাত্ৰা যথেষ্ট শক্তিশালী হৈছে ।" উত্তৰ-পূব, বিশেষকৈ ত্ৰিপুৰাত উল্লেখযোগ্য বিকাশ পৰিলক্ষিত হৈছে । অতীতত সীমিত সংযোগৰ তুলনাত বৰ্তমান ৰাজ্যখনত প্ৰায় 24 খন বিমান চলাচল কৰে । 2014 চনত কেৱল মিটাৰ-গজ ৰে'লপথ আছিল, কিন্তু এতিয়া ব্ৰ'ড-গজ ৰে'ললাইন আৰু প্ৰায় 30 খন এক্সপ্ৰেছ ৰে'লে ত্ৰিপুৰাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে । ইয়াৰ উপৰি ত্ৰিপুৰাৰ কৃষিজাত সামগ্ৰী যেনে কঁঠাল আৰু আনাৰসে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে ।"
ত্ৰিপুৰাত বিশাল কৃষি সম্ভাৱনা :
জলপথৰ উন্নয়নৰ বিষয়ে ব্য়াখ্য়া কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰে যোগাযোগ বৃদ্ধিৰ বাবে মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহ ৰূপায়ণ কৰি আছে । মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "আমি বংগোপ সাগৰৰ মাজেৰে বিশ্ব বজাৰত ত্ৰিপুৰাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিবলৈ গোমতী নদীৰ কাষত জেটি নিৰ্মাণ কৰি আছো । এই জেটিবোৰে কেৱল বাংলাদেশৰ জৰিয়তে নহয়, কলকাতা, পাৰাদীপ আৰু বিশাখাপট্টনমৰ জৰিয়তে পোনপটীয়া সংযোগ স্থাপনত সহায় কৰিব । ত্ৰিপুৰা হৈছে এক অতি উৰ্বৰ ৰাজ্য য'ত বিশাল কৃষি সম্ভাৱনা আছে আৰু উন্নত জলপথই ইয়াৰ বাণিজ্য ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন সুযোগ মুকলি কৰিব ।"