নিউজ ডেস্ক, ২৩ জানুৱাৰী :বছৰৰ প্ৰথম মাহটোতে মিজোৰামত বিমান দুৰ্ঘটনা । মঙলবাৰে পুৱা মিজোৰামৰ লেংপুই বিমানবন্দৰত দুৰ্ঘটনাত পতিত হয় বাৰ্মিজ সেনাৰ এখন বিমান । মিজোৰামৰ ডিজিপিৰ পৰা পোৱা তথ্য অনুসৰি, বিমানখন আকাৰত সৰু আছিল । পাইলটজনৰ সৈতে বিমানখনত 14 জন লোক আছিল ।
জানিব পৰা মতে, ১৪ জন যাত্ৰীৰ ভিতৰত ছয়জন আঘাতপ্ৰাপ্ত হয় । আনহাতে, আন আঠজন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি ডিজিপি সূত্ৰত প্ৰকাশ । আঘাতপ্ৰাপ্ত ব্যক্তিসকলক ততাতৈয়াকৈ লেংপুই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । বৰ্তমান তেওঁলোক তাত চিকিৎসাধীন হৈ আছে । প্ৰাপ্ত তথ্য অনুসৰি, অৱতৰণ কৰাৰ সময়ত ম্যানমাৰ সেনাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
উল্লেখ্য যে ম্যানমাৰ সেনাই প্ৰকাশ কৰা অনুসৰি, জাতিগত বিদ্ৰোহী গোট 'আৰাকান আৰ্মী'ৰ সৈতে হোৱা গুলীয়াগুলীৰ পিছত বিগত সপ্তাহত ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৈনিকসকলক ঘূৰাই নিবলৈ বিমানখন মিজোৰামত উপস্থিত হৈছিল ।