গুৱাহাটী, ২০ মে' : অৰুণাচল প্ৰদেশৰ চীন সীমান্ত আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত এক অঞ্চল হৈছে মেচুকা । উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড স্বৰূপ এই মেচুকাসহ তিব্বত সীমান্তৰ (বৰ্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ সামৰিক-অসামৰিক সকলো বাহনৰ সুচল যাতায়াতৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ'ৱে । এই অঞ্চলত পথ নিৰ্মাণত বিশেষ কাৰিকৰী কৌশল তথা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ পথ নিৰ্মাণ সংস্থাটোৱে । ইয়াৰে অংশ হিচাপে অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ সদৰ আলং হৈ কায়িঙলৈ ইতিমধ্যে বি আৰ অ'ৱে সকলো বতৰতে যাতায়াত কৰিব পৰা দুইলে'নযুক্ত পথৰ নিৰ্মাণ সস্পূৰ্ণ কৰিছে ।
ভাৰত-চীন সীমান্তত বি আৰ অ'ৰ আধুনিক কৌশলেৰে পথ নিৰ্মাণ
বৰ্তমান কায়িঙৰ পৰা টাটো হৈ প্ৰায় ১৪৫ কিলোমিটাৰ নিলগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ এই গুৰুত্বপূৰ্ণ পথছোৱাত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান-বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে বি আৰ অ'ৱে । কিয়নো হিমালয় পৰ্বতমালাৰ অংশ হিচাপে পৰিচিত অৰুণাচল প্ৰদেশত পথ নিৰ্মাণ কৰা আৰু উক্ত পথত বছৰটোৰ সকলো সময়তে যান-বাহনৰ যাতায়াত অব্যাহত ৰখাটো বি আৰ অ'কে ধৰি উক্ত অঞ্চলত পথ নিৰ্মাণৰ লগত জড়িত সংস্থাসমূহৰ বাবে এক বিৰাট প্ৰত্যাহ্বান । কিয়নো ৰাজ্যখনত আগদিনা নিৰ্মাণ সম্পূৰ্ণ কৰা এটা পথ বা দলং এখন নিশাৰ ভিতৰতে অহা প্ৰচণ্ড তুষাৰপাত বা বৃষ্টিপাতে উটুৱাই নিয়াৰ বহু উদাহৰণ আছে । আনকি পথ নিৰ্মাণ কৰি থকা অৱস্থাতে বি আৰ অ'ৰ বহু জোৱান বা শ্ৰমিক পাহাৰ খহি বা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ দৰে বহু ঘটনাও সংঘটিত হৈছে ।
সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আলং-কায়িং-টাটো-মেচুকা সংযোগী পথ
উল্লেখ্য যে অসমৰ ধেমাজি জিলাৰ জোনাইৰ পৰা পাচিঘাটলৈ দূৰত্ব মাত্ৰ ৩৫ কিলোমিটাৰ । তেনেদৰে পাচিঘাটৰ পৰা আলঙলৈ দূৰত্ব মাত্ৰ ১০০ কিলোমিটাৰ । আনহাতে, আলঙৰ পৰা ভাৰতৰ ছুইজাৰলেণ্ড স্বৰূপ তথা ভাৰত-চীন অধিকৃত তিব্বত সীমান্তৱৰ্তী মেচুকা চহৰলৈ দূৰত্ব ১৮৫ কিলোমিটাৰ । ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপুৰ্ণ স্থান হিচাপে পৰিগণিত হৈ অহা আলং-কায়িং-টাটো-মেচুকা সংযোগী পথটো বি আৰ অ'ৰ অৰুণাচল প্ৰদেশৰ পাচিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ অধীনৰ আলংস্থিত ৪৪ বর্ডাৰ ৰোডছ টাস্ক ফ'ৰ্চে ( বি আৰ টি এফ ) নিৰ্মাণ কৰি আছে ।
প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণ
৪৪ বি আৰ টি অফৰ কমাণ্ডাৰ, কৰ্ণেল বি পি এছ টোমাৰে জানিবলৈ দিয়া অনুসৰি, এইবেলি জানুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা প্ৰায়ে আহি থকা বৰষুণে পথ নিৰ্মাণকাৰ্যত ব্যাঘাতৰ সৃষ্টি কৰি আহিছে । কিন্তু বি আৰ অ'ৱে সকলো প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে । যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থাকে, যাৰ বাবে বি আৰ অ'ৱে নতুন প্ৰযুক্তিৰ লগতে পথ নিৰ্মাণত ব্যৱহৃত শেহতীয়া অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰ কৰিবলগীয়া হৈছে । একে সময়তে পথত যাতে দুৰ্ঘটনাৰ মাত্ৰা ৰোধ কৰিব পাৰি তাৰ বাবেও বি আৰ অ'ৱে বিশেষ ব্যৱস্থা আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । বিশেষকৈ দুৰ্ঘটনা সংঘটিত হ'লেও আহত বা নিহতৰ সংখ্যা কম কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আলঙৰ পৰা কায়িঙলৈ ৪৪ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাত ২০২৩ চনত চাৰিটা দুৰ্ঘটনা সংঘটিত হোৱা সত্ত্বেও এজন লোক নিহত হোৱা নাই ।