তেজপুৰ, ১৬ আগষ্ট : দেশৰ সীমান্ত পথ নিৰ্মাণকাৰী সংস্থাৰ অনিয়মীয়া মহিলা শ্ৰমিকৰ সমস্যাৰ বিষয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোষ্টক লৈ ক্ষোভ উজাৰিলে শ্ৰমিকে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত লালকিল্লাত পতাকা উত্তোলন কৰাৰ দৃশ্য প্ৰধানমন্ত্ৰীগৰাকীৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত পোনপটীয়া প্ৰচাৰ কৰা হৈছিল ৷ উক্ত প্ৰচাৰতে সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা বি আৰ অ’ শ্ৰমিক সংঘৰ উত্তৰ-পূৰ্বাঞ্চলৰ সভাপতি লেকি চেৰিঙে প্ৰকাশ কৰা বক্তব্যক লৈ সম্প্ৰতি ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ পোষ্টটোৰ মন্তব্যত বিভিন্ন নথিসহ বক্তব্য প্ৰকাশ কৰি দীৰ্ঘকালে বি আৰ অ’ৰ অনিয়মীয়া মহিলা শ্ৰমিকসকলে প্ৰসূতি ছুটী লাভ নকৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰাৰ প্ৰয়াস কৰে চেৰিঙে ৷ বি আৰ অ’ শ্ৰমিক সংঘৰ উত্তৰ-পূৰ্বাঞ্চলৰ সভাপতিগৰাকী পোষ্টটোত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে শতাধিক লোকক মেনশ্যন কৰে ৷ চেৰিঙে লিখিছে “ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীলৈ মোৰ প্ৰণাম ৷ আজি লালকিল্লাত আমাৰ ত্ৰিৰংগা, জাতীয় পতাকা উত্তোলন কৰাৰ বাবে আৰু আমাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ শুভক্ষণ উপলক্ষে জাতিটোক সম্বোধন কৰাৰ বাবে আপোনাক মোৰ প্ৰণাম ৷ আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছো ৷ আজি আপোনাৰ ফেচবুক পেজটো শ্বেয়াৰ কৰিলোঁ ৷”
ইয়াৰ লগতে চেৰিঙে লিখিছে “মহাশয়, বিষয় হ’ল প্ৰসূতি সুবিধা (সংশোধনী) আইন, ২০১৭ ৰূপায়ণ কৰা হৈছিল ৷ এই সন্দৰ্ভত মই আপোনাৰ লগতে সংশ্লিষ্ট মন্ত্ৰণালয়সমূহলৈ বহু স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো যদিও আমাৰ স্মাৰকপত্ৰ আপোনালোকৰ টেবুলত নোপোৱা যেন লাগে আৰু হাজাৰ হাজাৰ লোকৰ বাবে এদিনো প্ৰসূতি ছুটীৰ অনুমতি নাই বুলি আপুনিও অৱগত নহয় ৷ ১৯৬০ চনৰ পৰা আজিলৈকে সীমান্ত পথ সংস্থাৰ অধীনত কাম কৰা মহিলা শ্ৰমিকে আজিও নাপায় প্ৰসূতি ছুটী ৷ উল্লেখযোগ্য যে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰায় ২০ হাজাৰ মহিলা শ্ৰমিক আছে সীমান্ত পথ নির্মাণকাৰী সংস্থাৰ অস্থায়ী শ্ৰমিক হিচাবে ৷ ২০০৯ চনৰ আগতে কোনেও এই বিষয়টো উত্থাপন কৰা নাছিল আৰু শ্ৰমিকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল ৷ কিন্তু, যদিও ২০০৯ চনৰ পিছত আমি এই গুৰুতৰ বিষয়টোৰ সন্দৰ্ভত স্মাৰকপত্ৰ দিয়াৰ লগতে ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে উপস্থাপন কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছো ৷ কিন্তু আমাৰ বাৰ্তা আপোনাৰ ওচৰ নাপালেগৈ ৷ ফলস্বৰূপে, মহিলা শ্ৰমিকসকলক প্ৰসূতিকালীন ছুটীৰ পৰা বঞ্চিত কৰা হৈছে ৷ যিটো সম্পূৰ্ণ অন্যায়, সীমান্ত পথ সংস্থাই অমানৱীয় আৰু মানৱ অধিকাৰ উলংঘা কৰি আছে ।”
চেৰিঙে পুনৰ উল্লেখ কৰে “সেয়েহে মাননীয় প্ৰধানমন্ত্ৰীক, মই সীমান্ত পথ সংস্থাৰ অধীনত কাম কৰা হাজাৰ হাজাৰ মহিলা শ্ৰমিকৰ হৈ হাতজোৰ কৰি অনুৰোধ জনাইছো যে মাতৃ আৰু সন্তানৰ জীৱন ৰক্ষাৰ বাবে প্ৰসূতিৰ সুবিধা আইনখন তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ সীমান্ত পথ সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ক, যাতে অনাগত দিনত সন্তান জন্ম দিবলগীয়া মাতৃ শ্ৰমিকে এই সুবিধাৰ পৰা বঞ্চিত নহয় ৷”