অসম

assam

কেজৰিৱালৰ পদত্যাগ এক প্ৰচাৰ ষ্টাণ্ট ! পত্নী সুনীতাক দিল্লীৰ মুখ্যমন্ত্ৰী বনাব কেজৰিৱালে: বিজেপি - Arvind Kejriwal to resign

By ANI

Published : Sep 15, 2024, 4:06 PM IST

Arvind Kejriwal to resign: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক লৈ ৰাজনীতি গৰম হৈ আছে । বিজেপিৰ মতে এয়া প্ৰচাৰ ষ্টাণ্ট । উচ্চতম ন্যায়ালয়ৰ আদেশৰ বাবেহে কেজৰিৱালে পদত্যাগ কৰিবলৈ বাধ্য হৈছে ।

Arvind Kejriwal to resign
কেজৰিৱালৰ পদত্যাগ এক প্ৰচাৰ ষ্টাণ্ট (ANI)

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিচতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগৰ ইংগিত দিছে । আগন্তুক দুদিনৰ ভিতৰতে এই সন্দৰ্ভত তেওঁ ঘোষণা কৰিব বুলি কোৱাৰ লগে লগে দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

কেজৰিৱালৰ পদত্যাগ এক প্ৰচাৰ ষ্টাণ্ট

কেজৰিৱালৰ এই ঘোষণাক প্ৰচাৰ ষ্টাণ্ট বুলি অভিহিত কৰিছে বিজেপিয়ে । বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে মুখ্যমন্ত্ৰী কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক প্ৰচাৰ ষ্টাণ্ট বুলি অভিহিত কৰে আৰু কয় যে তেওঁ নিজৰ ভাবমূৰ্তি পুনৰুদ্ধাৰৰ বাবে এনে কৰি আছে । ভাণ্ডাৰীয়ে লগতে কয় যে কেজৰিৱালে ছোনিয়া গান্ধীৰ আৰ্হি প্ৰয়োগ কৰিব বিচাৰে, য'ত তেওঁ মনমোহন সিঙক এগৰাকী হাতৰ পুতলা প্ৰধানমন্ত্ৰী কৰিছিল আৰু পৰ্দাৰ পিছফালৰ পৰা চৰকাৰ চলাইছিল ।

ভাণ্ডাৰীয়ে কয়,"এয়া অৰবিন্দ কেজৰিৱালৰ এক পিআৰ ষ্টাণ্ট । তেওঁ বুজি পাইছে যে দিল্লীৰ জনসাধাৰণৰ মাজত তেওঁৰ ভাবমূৰ্তি সৎ নেতাৰ দৰে হৈ থকা নাই, এতিয়া তেওঁ দুৰ্নীতিগ্ৰস্ত নেতা, আজি আম আদমি পাৰ্টী সমগ্ৰ দেশতে এক দুৰ্নীতিগ্ৰস্ত দল হিচাপে পৰিচিত । তেওঁ পিআৰ ষ্টাণ্টৰ জৰিয়তে ভাবমূৰ্তি পুনৰুদ্ধাৰ কৰিব বিচাৰে...এয়া স্পষ্ট যে তেওঁ ছোনিয়া গান্ধী আৰ্হি প্ৰয়োগ কৰিব বিচাৰে, য'ত তেওঁ মনমোহন সিঙক এজন হাতৰ পুতলা প্ৰধানমন্ত্ৰী কৰিছিল আৰু পৰ্দাৰ পিছফালৰ পৰা চৰকাৰ চলাইছিল । তেওঁলোকে আজি বুজি পাইছে যে আম আদমি পাৰ্টীয়ে দিল্লীৰ নিৰ্বাচনত পৰাজিত হ'ব আৰু দিল্লীৰ ৰাইজে তেওঁলোকক ভোট দিব নোৱাৰে, সেয়েহে তেওঁলোকে আনক বলিৰ পঠা বনাব বিচাৰে ।"

কেজৰিৱালে পদত্যাগ কৰিবলৈ বাধ্য হৈছে

একেদৰে বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই কয় যে অৰবিন্দ কেজৰিৱালে একো ত্যাগ কৰা নাই, কিয়নো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে । চিৰছাই অভিযোগ কৰে যে কেজৰিৱালে সকলো বিধায়কক তেওঁৰ পত্নীক দিল্লীৰ মুখ্যমন্ত্ৰী কৰিবলৈ সৈমান কৰিবলৈ দুদিন বিচাৰিছে । তেওঁ কয়, "অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে যে তেওঁ দুদিনৰ পিচত পদত্যাগ কৰিব আৰু ৰাইজৰ পৰা সঁহাৰি পালে পুনৰ মুখ্যমন্ত্ৰী হ'ব...এয়া কোনো ত্যাগ নহয়, উচ্চতম ন্যায়ালয়ে আদেশটোত কৈছে যে তেওঁ মুখ্যমন্ত্ৰীৰ আসনত থাকিব নোৱাৰে আৰু কোনো ফাইলত স্বাক্ষৰ কৰিব নোৱাৰে ।" চিৰছাৰ মতে ৩ মাহ পূৰ্বেই লোকসভা নিৰ্বাচনত ৰাইজে ৰায় দিছে ।

উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দেওবাৰে কয় যে তেওঁ দুদিনৰ পিচত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব আৰু যেতিয়ালৈকে দিল্লীৰ ৰাইজে তেওঁক 'সৎ' বুলি বিবেচনা নকৰে তেতিয়ালৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত নবহে । কেজৰিৱালে কয় যে যদি ৰাইজে তেওঁক ভোট দিয়ে তেনেহ'লে সেয়া তেওঁৰ সততাৰ প্ৰমাণ হ'ব ।

লগতে পঢ়ক :দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা দিব কেজৰিৱালে; দুদিনৰ ভিতৰত ঘোষণা হ’ব নতুন নাম - Arvind Kejriwal resignation

ABOUT THE AUTHOR

...view details