নেশ্যনেল ডেস্ক, 24 জুলাই:অহা 27 জুলাইত প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকী ৷ এই উপলক্ষে বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীৰ নেতৃত্বত দেশজুৰি আৰম্ভ কৰা হ’ব এক অভিযানৰ ৷
এই অভিযানত জিলা পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে পাছমাণ্ডা মুছলমানসকলৰ বাবে আদৰ্শস্বৰূপ কালামক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব । এই অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় ।
প্ৰচাৰৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী দুষ্যন্ত গৌতমে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকী, ৰাষ্ট্ৰীয় বিষয়ববীয়া, কাৰ্যবাহী সদস্য, ৰাজ্যিক সভাপতি আৰু ৰাজ্যৰ সাধাৰণ সম্পাদকসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে ।
জামাল ছিদ্দিকীয়ে এই সন্দৰ্ভত কয়, "এই অভিযানৰ উদ্দেশ্য হৈছে ড° কালামৰ ভাৰতৰ উন্নয়নৰ প্ৰতি থকা অৱদানক স্মৰণ কৰা আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা । ভাৰতীয় মুছলমানসকলে কালামৰ আদৰ্শৰে বাট বুলি যাতে সফলতালাভ কৰিব পাৰে । জাতিটোক শক্তিশালী কৰাত বৰঙণি আগবঢ়োৱা সকলোকে বিজেপিয়ে গুৰুত্ব দিয়ে ।"