নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী :বিলকিছ বানু গোচৰৰ দোষী ৰমেশ চন্দনাক পেৰোল প্ৰদান । গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ৫ মাৰ্চত হ'বলগীয়া তেওঁৰ ভাগিনীয়েকৰ বিয়াত উপস্থিত থাকিবলৈ ১০ দিনৰ পেৰোল মঞ্জুৰ কৰে ।
বিগত সপ্তাহত পেৰোলৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰা চন্দনা হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ২১ জানুৱাৰীত গোধৰা চহৰৰ এখন কাৰাগাৰত আত্মসমৰ্পণ কৰাৰ পিছত পেৰোল প্ৰদান কৰা গোচৰটোৰ দ্বিতীয়জন দোষী । তেওঁলোকক ২০০২ চনৰ গোধৰা সংঘৰ্ষৰ সময়ত বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল ।
"এই আবেদনৰ দ্বাৰা দোষী-আবেদনকাৰীয়ে তেওঁৰ ভগ্নীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ পেৰোল ছুটীৰ বাবে প্ৰাৰ্থনা কৰে । আবেদনত উল্লেখ কৰা ভিত্তিবোৰ বিবেচনা কৰি আবেদনকাৰী-অভিযুক্তক দহ দিনৰ বাবে পেৰোল ছুটীত মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।" শুকুৰবাৰে জাৰি কৰা আদেশত ন্যায়াধীশ দিব্যেশ যোশীয়ে কয় ।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত দাখিল কৰা গুজৰাট চৰকাৰৰ শপতনামা অনুসৰি, চন্দনাই 2008 চনত কাৰাবাস খটাৰ পিছত 1,198 দিনৰ বাবে পেৰোল আৰু 378 দিনৰ ফাৰ্লো উপভোগ কৰিছে । ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে পেৰোল আবেদনত অনুমতি প্ৰদান কৰি গোচৰটোৰ আন এজন দোষী প্ৰদীপ মোধিয়াক ৭-১১ ফেব্ৰুৱাৰীলৈ গোধৰা কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে ।