নেশ্যনেল ডেস্ক, 30 জানুৱাৰী :ইডিৰ কাৰ্যালয়তইজনৰ পিচত সিজনকৈ RJD ৰ নেতা ৷ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে লালু যাদৱৰ পিচতে মঙলবাৰে তেজস্বী যাদৱক সোধা পোছা কৰি আছে ৷ ইয়াৰ পিচতে ৰাবড়ী সিঙৰ বাসগৃহৰ পৰা ইডি কাৰ্যালয়লৈকে আৰজেডি নেতা আৰু কৰ্মীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তাৰলকে আৰজেডিৰ মুখপাত্ৰ মনোজ ঝাই অভিযোগ কৰিছিল যে লালুৰ পৰিয়ালক হাৰাশাস্তি কৰা হৈছে ।
মুখপাত্ৰ মনোজ ঝা লগতে কয়, "ইডি বুলি আপোনালোকে এনেয়ে কয়,আপোনালোকে বিজেপি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আদি সঠিক শব্দবোৰ ব্যৱহাৰ কৰা উচিত ৷ আপোনলোকে এনেবোৰ শব্দবোৰ প্ৰয়োগ কৰিলে মইও ইয়াক উপভোগ কৰিম আৰু তেওঁলোকেও ভাল পাব । যেতিয়া ক্ষমতাৰ চকা ঘূৰিব, সকলোৱে ইয়াৰ কবলত পৰিব।"
আৰজেডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে অভিযোগ কৰি কয় যে বিৰোধী দলৰ নেতাসকলক ইচ্ছাকৃতভাৱে হাৰাশাস্তি কৰা হৈছে। সোমবাৰে গুৰুতৰভাৱে অসুস্থ হোৱা স্বত্বেও লালু প্ৰসাদ যাদৱক হাৰাশাস্তি কৰা হৈছিল । তেওঁক ১০ ঘণ্টা ধৰি সোধা পোছা কৰা হৈছিল আৰু আজি তেজস্বী যাদৱক মাতি অনা হৈছে। জনসাধৰণে সকলোবোৰ চাই আছে আৰু বিজেপিৰ মানুহে কেনে ধৰণৰ কাম কৰি আছে । সময় আহিলে ৰাইজে ইয়াৰ উত্তৰ দিব।