অসম

assam

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 3:04 PM IST

ETV Bharat / bharat

বেংগালুৰুৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ বিদেশী মহিলা

Foreigner death in India: হোটেলত মৃত অৱস্থাত উদ্ধাৰ হৈছে পৰ্যটন ভিছাৰ অধীনত বেংগালুৰুলৈ অহা এগৰাকী বিদেশী মহিলা ৷

Bengaluru: A foreign woman who had come under a tourist visa found dead in a hotel
বিদেশী মহিলাৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 14 মাৰ্চ :টুৰিষ্ট ভিছা লৈ কৰ্ণাটকৰ বেংগালুৰু মহানগৰলৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে । শশদ্ৰীপুৰম আৰক্ষী থানাৰ অন্তৰ্গত জগদীশ হোটেলত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে মহিলাগৰাকীৰ সন্দেহজনক পৰিস্থিতিত মৃত্যু হৈছে । মৃত মহিলাগৰাকীক উজবেকিস্তানৰ জৰিনা বুলি চিনাক্ত কৰা হৈছে ।

পৰ্যটক ভিছাত বেংগালুৰুলৈ অহা জৰিনা যোৱা চাৰিদিন ধৰি জগদীশ হোটেলত বাহৰ পাতি আছিল । ৰহস্যজনকভাৱে বুধবাৰৰ সন্ধিয়াৰে পৰা মহিলাগৰাকীয়ে হোটেলৰ কৰ্মচাৰীসকলৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰখা নাছিল । এনে পৰিস্থিতিত হোটেল কৰ্তৃপক্ষৰ সন্দেহ ওপজাত হোটেলৰ কৰ্মচাৰীসকলে কোঠাটোৰ মাষ্টাৰ চাবি ব্যৱহাৰ কৰি দুৱাৰখন খুলি ভিতৰত প্ৰৱেশ কৰে আৰু তেতিয়াই উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ ।

খবৰ লাভ কৰাৰ পাচতে ততাতৈয়াকৈ শশদ্ৰীপুৰম থানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে ব’ৰিং হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে, ফৰেন্সিক বিজ্ঞান গৱেষণাৰ দলটোৱে উক্ত স্থানত বৰ্তমানে পৰীক্ষা কৰি আছে । সন্দেহজনক মৃত্যুৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে চাৰিদিন ধৰি হোটেলখনলৈ কোন আহিছে তাৰ লেজাৰ পৰীক্ষা কৰি আছে । তেওঁলোকে সন্দেহজনকভাৱে হোটেললৈ অহা যোৱা কৰা সকলৰ বিষয়ে চিচিটিভি পৰীক্ষা কৰি আছে ।

লগতে পঢ়ক :টেক্সি ড্ৰাইভাৰে মূল্যৱান সামগ্ৰী লুটি নিলে: এমাহ ধৰি পুৰীত আবদ্ধ হৈ থাকিল বিদেশী পৰ্যটক

ABOUT THE AUTHOR

...view details