নেশ্যনেল ডেস্ক,২৩ জুন :পশ্চিমবংগ আৰক্ষীৰ সফল অভিযান । বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) গ্ৰেপ্তাৰ কৰে এজন ছাত্ৰক । সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পশ্চিম বৰ্ধমান জিলাৰ পানাগড় অঞ্চলৰ পৰা আন ৫ জন লোককো আৰক্ষীয়ে আটক কৰিছে । দেওবাৰে পশ্চিমবংগ আৰক্ষীয়ে এই কথা প্ৰকাশ কৰে ।
ধৃত ছাত্ৰজন পশ্চিমবংগৰ এখন মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ দ্বিতীয় বৰ্ষৰ বুলি জানিব পৰা গৈছে । শনিবাৰে সন্ধিয়া পানাগড়ৰ বাসগৃহৰ পৰা ছাত্ৰজনক গ্ৰেপ্তাৰ কৰে পশ্চিমবংগ আৰক্ষীয়ে । বাংলাদেশৰ নিষিদ্ধ ইছলামপন্থী সংগঠন শ্বাহাদাত-ই-আল হিকমাৰ সৈতে তেওঁ সম্পৰ্ক থকাৰ অভিযোগ আছে । জেৰাৰ সময়ত ছাত্ৰজনে দিয়া তথ্যৰ ভিত্তিত এছটিএফৰ চোৰাংচোৱাই একেখন জিলাৰ নাবাবঘাট অঞ্চলৰ পৰা আন ৫ জন লোককো আটক কৰিবলৈ সক্ষম হয় ।