ৰায়বৰেলী, 17 মে’: মনোনয়ন দাখিল কৰি ৰাই বৰেলীত ৰাজহুৱা সভাত ভাষণ দিয়াৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমাইছিল এখন চেলুনত । চেলুনখনত ৰাহুল গান্ধীয়ে দাড়িৰ লগতে চুল কটোৱাও দেখা গৈছিল ৷ এখন সাধাৰণ চেলুনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে চুলি-দাড়ি কটোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ৰাতিটোৰ ভিতৰতে ৷
মাত্ৰ তিনি মিনিটতৰ ভিতৰতে ৰায়বৰেলীৰ প্ৰাৰ্থী ৰাহুল গান্ধীক নতুন লুক দিয়া মিথুনক বিচাৰি যাত্ৰা কৰিছিল ইটিভি ভাৰতৰ সাংবাদিক ৰাজেন্দ্ৰ সিং ৷ অৱশেষত সাংবাদিক ৰাজেন্দ্ৰ সিং উপস্থিত হয় ২৮ বছৰীয়া মিথুন লালগঞ্জৰ নিউ মুম্বা চেলুনত ৷
সাংবাদিকৰ সন্মুখত নাপিত মিথুনে কৈ গ’ল ৰাহুল গান্ধীৰ দাড়ি-চুলি কটাৰ অভিজ্ঞতাৰ কথা ৷ তেওঁ কয় যে ৰাহুল গান্ধী চেলুনখনলৈ সোমাই আহোতে মিথুন কিছু ভয় খাইছিল ৷ অস্থিৰ হৈ মূৰ দুপিয়াই মিথুনে কেঁচিখন উলিয়াই লৈছিল ৷ কিন্তু কংগ্ৰেছ নেতাগৰাকীয়ে নিজেই কিছু সৰু সৰু প্ৰশ্ন সুধিছিল মিথুনক ৷ তাৰ পিচতে মিথুন কিছু স্বাভাৱিক হয় ৷ ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত মিঠুনে পঞ্চম মান শ্ৰেণীলৈকে পঢ়া-শুনা কৰা বুলিও জনায় ৷
লগতে পঢ়ক:আমেঠিৰ আছিলো, আছো আৰু থাকিম: ৰাহুল গান্ধী
ৰাহুল গান্ধীক মিঠুনে জনায়, ‘‘আমি সাতগৰাকী ভাই-ভনী ৷ চাৰিজন ভাই আৰু তিনিগৰাকী ভগ্নী । মোৰ ডাঙৰ ভাইটিয়ে মুম্বাইত কাম কৰে ৷ আনহাতে বাকীসকল খেতি আৰু শিক্ষাৰ প্ৰতি আকৰ্ষিত ৷’’