নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী: জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ স্কি ঢালত বৃহস্পতিবাৰে হিমস্খলনৰ ফলত এজন ৰাছিয়ান স্কিয়ৰৰ মৃত্যু হোৱাৰ বিপৰীতে স্থানীয় গাইডকে ধৰি আন ছযজন লোকক উদ্ধাৰ কৰা হয় । দিনৰ প্ৰায় ২ বজাত গুলমাৰ্গৰ কংদৌৰী ঢালত এই হিমস্খলনৰ ফলত ধ্বংসাৱশেষৰ তলত কেইবাজনো স্কিয়ৰ আবদ্ধ হৈ পৰে বুলি বিষয়াসকলে জনায় ।
তেওঁলোকে জনোৱা মতে, ছজন ৰাছিয়ান স্কিয়ৰ আৰু গাইডক উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা উলিয়াই আনে । ইয়াৰ ভিতৰত ৰাছিয়াৰ এজন স্কিয়ৰৰ মৃত্যু হৈছে আৰু ছয়জন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলিও কয় বিষয়াসকলে ৷ তেওঁলোকে লগতে কয় যে আৰক্ষী জোৱান আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ এটা টহলদাৰী দলে উদ্ধাৰ অভিযান চলাই আছে ।
জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গত অনুষ্ঠিত খেলো ইণ্ডিয়া শীতকালীন গেমছৰ চতুৰ্থ সংস্কৰণৰ মাজতে সংঘটিত হৈছে এই ঘটনা । স্থানীয় সেনা শিবিৰৰ ওচৰৰ হিমস্খলনত আবদ্ধ হৈ পৰে বিদেশী স্কিয়ৰ আৰু তেওঁলোকৰ লগত যোৱা এজন গাইড । হিমস্খলনৰ পিছতে এক বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । অভিযানত বাৰামুল্লা জিলা আৰক্ষী, গুলমাৰ্গৰ পৰ্যটন আৰক্ষীৰ লগতে অসামৰিক প্ৰশাসনে আৱদ্ধ স্কিয়ৰসকলক বিচাৰি উলিয়ায় ।
চলি থকা উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কৰ্তৃপক্ষই এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰে । পৰৱৰ্তী উদ্ধাৰ অভিযানত এজন স্কিয়ৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন পাঁচজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা বুলি স্ন’ স্কি উদ্ধাৰকাৰী দলৰ মুৰব্বী মনজুৰ আহমেদে জনায় ।
চৰকাৰী মুখপাত্ৰই কয় যে পৰ্যটন বিভাগ আৰু আৰক্ষীৰ গুলমাৰ্গ স্কি পেট্ৰ’লৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত আৰ্মি ৰিজ নামেৰে জনাজাত গুলমাৰ্গৰ উচ্চ অংশত হোৱা হিমস্খলনৰ পিছত ছজন ৰাছিয়ান স্কিয়ৰ আৰু এজন স্থানীয় গাইডৰ এটা গোটক সফল উদ্ধাৰ কৰা হয় ৷ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে উদ্ধাৰকাৰী দলৰ সাহসী প্ৰচেষ্টা সত্ত্বেও হিমস্খলনৰ ফলত এজন ৰাছিয়ান স্কিয়ৰে কৰুণভাৱে প্ৰাণ হেৰুৱায় ।