অসম

assam

২১ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আতিশীৰ - Aatishi Marlena

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 6:06 PM IST

Aatishi Oath Taking : দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে ছাক্সেনাই বিদায়ী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পদত্যাগ-পত্ৰ ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত দাখিল কৰিছে । লগতে ২১ ছেপ্টেম্বৰত তেওঁৰ উত্তৰাধিকাৰী হিচাপে আতিশীয়ে শপত লোৱাৰ প্ৰস্তাৱ দিছে ।

Aatishi Oath Taking
২১ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আতিশীৰ (ETV Bharat)

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : দিল্লীৰ উপ-ৰাজ্যপাল (লেফটেনেণ্ট গৱৰ্ণৰ) ভি কে ছাক্সেনাই অৰবিন্দ কেজৰিৱালৰ পদত্যাগ-পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত দাখিল কৰিছে । আনহাতে, দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মনোনীত আতিশী মাৰ্লেনাৰ শপত গ্ৰহণৰ তাৰিখ ২১ ছেপ্টেম্বৰ হিচাপে প্ৰস্তাৱ কৰা হৈছে । অৱশ্যে সংবাদ সংস্থা পি টি আইৰ মতে, আপ বিধায়িনী দলে নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কোনো নিৰ্ধাৰিত তাৰিখৰ প্ৰস্তাৱ দিয়া নাই । উল্লেখ্য, কেজৰিৱালে মঙলবাৰে উপ-ৰাজ্যপালৰ ওচৰত নিজৰ পদত্যাগ-পত্ৰ দাখিল কৰে আৰু আতিশীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ ওচৰত নতুন চৰকাৰ গঠনৰ দাবী জনায় ।

আতিশী মাৰ্লেনা (ETV Bharat)

আতিশী মাৰ্লেনাৰ ব্যক্তিগত জীৱনৰ ওপৰত এক আলোকপাত

দিল্লীৰ মচদনত বহিবলৈ আগবঢ়া আতিশী ২০০৬ চনত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজৱান বিধানসভা সমষ্টিৰ অনন্তপুৰ গাঁৱত বিবাহপাশত আবদ্ধ হৈছিল । আতিশীয়ে আই চি এ আৰৰ প্ৰাক্তন অধ্যক্ষ তথা বি এইচ ইউৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেছ'ৰ পঞ্জাব সিঙৰ পুত্ৰ তথা আই আই টিয়ান প্ৰবীণ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।

পৰিয়ালৰ পৰা আশীৰ্বাদ গ্ৰহণৰ সময়ত আতিশী (ETV Bharat)

আতিশীয়ে প্ৰবীণ সিঙক কেনেকৈ লগ পাইছিল ?

কেজৰিৱালৰ উত্তৰাধিকাৰী আতিশীয়ে তেওঁৰ জীৱনৰ ৭ বছৰ মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত অতিবাহিত কৰিছিল । এই সময়ছোৱাত তেওঁ এটা বেচৰকাৰী সংগঠনতো কাম কৰিছিল । তেতিয়াই তেওঁৰ প্ৰবীণ সিঙৰ সৈতে পৰিচয় হৈছিল । ইয়াৰ পিচত তেওঁলোক দুয়োৱে ২০০৬ চনত বাৰাণসীত অতি আড়ম্বৰপূৰ্ণভাৱে বিবাহপাশত আবদ্ধ হয় ।

আতিশীৰ স্বামী প্ৰবীণে কি কৰে ?

আতিশী মাৰ্লেনাৰ স্বামী প্ৰবীণ সিং এগৰাকী গৱেষক । তেওঁ আই আই টি দিল্লীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । তেওঁ আই আই এম আহমেদাবাদতো অধ্যয়ন কৰিছে । বৰ্তমান তেওঁ সামাজিক কামত অধিক সক্ৰিয় । তেওঁ সদ্ভাৱনা ইনষ্টিটিউট অৱ পাব্লিক পলিচীৰ সৈতেও কাম কৰি আছে ।

মণীষ ছিছোদিয়াক ৰাখী পিন্ধোৱাৰ সময়ত আতিশী (ETV Bharat)

কিমান সম্পত্তিৰ গৰাকী আতিশী

নিৰ্বাচনৰ সময়ত আতিশীয়ে তেওঁৰ শপতনামাত উল্লেখ কৰিছিল যে তেওঁ 1.41 কোটি টকাৰ সম্পত্তিৰ গৰাকী । অৱশ্যে ইয়াত তেওঁ কোনো লেনদেনৰ তালিকা অন্তৰ্ভুক্ত কৰা নাই । তেওঁৰ মুঠ ঘোষিত সম্পত্তিৰ মূল্য 1,20,12,824 টকা । আনহাতে, আন এক হিচাপ অনুসৰি এই পৰিমাণ সামান্য বৃদ্ধি হৈ বৰ্তমান 1,25,12,823 টকা হৈছে । নগদ হিচাপে আতিশীৰ ওচৰত ৫০,০০০ টকা আৰু তেওঁৰ স্বামীৰ ওচৰত ১৫,০০০ টকা আছে ।

লগতে পঢ়ক :১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন: শান্তিপূৰ্ণভাৱে চলিছে ভোটদান - JK ASSEMBLY POLLS
লগতে পঢ়ক :কেজৰিৱালৰ পদত্যাগ; চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰক আবেদন আতিশীৰ - Arvind Kejriwal resigns

ABOUT THE AUTHOR

...view details