বিষ্ণুপুৰ(মণিপুৰ) : হিংসাজৰ্জৰ মণিপুৰত অস্থিৰতা অব্যাহত আছে । তাৰ মাজতে শুকুৰবাৰে পুৱা প্ৰায় ৪.৪২ বজাত এক মৃদু ভূমিকম্পই জোঁকাৰি গ'ল ৰাজ্যখনৰ বিষ্ণুপুৰ জিলা । ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬ আছিল বুলি জানিব পৰা গৈছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে (NCS) এই কথা অৱগত কৰিছে । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিৰ মতে, পুৱা প্ৰায় ৪.৪২ বজাত কম্পনটো অনুভৱ কৰা হৈছিল আৰু ১০ কিলোমিটাৰ গভীৰতাত বিষ্ণুপুৰ অঞ্চলৰ চাৰিওফালে জোকাৰণি কেন্দ্ৰীভূত আছিল ।
ভূমিকম্পৰ কেন্দ্ৰস্থল
অৱশ্যে ভূমিকম্পটোৰ ফলত অঞ্চলটোত কোনো লোক হতাহত হৈছে নে নাই সেই কথা জানিব পৰা হোৱা নাই । নেশ্যনেল চেণ্টাৰ ফৰ চিছম'লজিয়ে এক্সৰ এটা পোষ্টত লিখিছে, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৬, ২২/১১/২০২৪ তাৰিখে ০৪:৪২:৩৭ বজাত, অক্ষাংশ: ২৪.৬৪ উত্তৰ, দ্ৰাঘিমাংশ: ৯৩.৮৩ পূৱ, গভীৰতা : ১০ কি:মি:, অৱস্থান: বিষ্ণুপুৰ, মণিপুৰ ।"