অসম

assam

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০ শ্ৰমিক; আহত ৩ গৰাকী - tragic road mishap

Road accident: ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাকৰ সৈতে ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত নিহত ১০ গৰাকী ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

Mirzapur Truck Accident
মিৰ্জাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০ শ্ৰমিক (ETV Bharat)

নিউজ ডেস্ক, ৪ অক্টোবৰ :বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ কাচৱান অঞ্চলৰ বাৰাণসী-প্ৰয়াগৰাজ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিকভৰ্তি এখন ট্ৰেক্টৰ ট্ৰলীত খুন্দা মাৰে । যাৰ ফলত ঘটনাস্থলীতে ১০ জন লোকৰ মৃত্যু হয় । আনহাতে, ৩ জন লোক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । নিহত আটাইকেইজনেই বাৰাণসীৰ বাসিন্দা ।

উল্লেখ্য যে ট্ৰাকখন ইমানেই দ্ৰুতবেগত আছিল যে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰ ট্ৰলীখনত খুন্দা মৰাৰ পিচত ট্ৰলীখন বহু দূৰ উফৰি গৈ পথৰ কাষৰ নলাত ওলোটা হৈ পৰে । ফলস্বৰূপে বাহনখনত অহা 10 জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু ৩ জন গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকচালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত যথেষ্ট মানুহৰ সমাগম হয় । ঘটনাৰ বিষয়ে তথ্য পোৱাৰ পিচত আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, শ্ৰমিকৰ দলটো ভদোহী জিলাৰ পৰা ট্ৰেক্টৰ ট্ৰলীৰে নিজৰ ঘৰলৈ উভতি আহি আছিল । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

জিলাখনৰ আৰক্ষী অধীক্ষক অভিনন্দনে ঘটনাটো সন্দৰ্ভত কয়, "ট্ৰাকখনে ট্ৰেক্টৰ ট্ৰলীখনক পিচফালৰ পৰা খুন্দা মাৰে । এই দুৰ্ঘটনাটোত ১০ জনৰ মৃত্যু হয়, আনহাতে ৩ জন লোক আহত হয় । ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে ।"

লগতে পঢ়ক :গুজৰাটত সংকটত অসমৰ তীৰ্থযাত্ৰী, এজনৰ মৃত্যু : জামনগৰত চিকিৎসাধীন ৮ গৰাকী - Bajali Pilgrimage Died in Gujarat
লগতে পঢ়ক :মণিপুৰত আছাম ৰাইফলছৰ অভিযানত জব্দ অস্ত্ৰ ভাণ্ডাৰ - Manipur arms recovery

ABOUT THE AUTHOR

...view details