অসম

assam

ETV Bharat / bharat

পৰীক্ষালৈ মাত্ৰ এদিন আছিল; ছাত্ৰই কিয় ল'লে এই সিদ্ধান্ত ! - KOTA STUDENT KILLED HIMSELF

কোটাত অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা নগাঁৱৰ (অসম) ছাত্ৰই ল'লে চৰম সিদ্ধান্ত ।

Kota Student killed himself
অসমৰ ছাত্ৰই কিয় ল'লে এই সিদ্ধান্ত (ETV BHarat)

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 8:38 AM IST

কোটা :দেশৰ শিক্ষা নগৰী হিচাপে জনাজাত কোটাত পুনৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত । অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ অসমৰ পৰা যোৱা শিক্ষাৰ্থীয়ে নিজকে শেষ কৰি পেলালে । কোটাত একেদিনাই সংঘটিত হ'ল অনুৰূপ দুটাকৈ ঘটনা ।

  • কোটাত শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত

বুধবাৰে পুৱা প্ৰথম ঘটনাটো সংঘটিত হৈছিল । এনইইটি ইউজিৰ বাবে প্ৰস্তুতি চলাই থকা এজন শিক্ষাৰ্থীয়ে এনে কঠোৰ সিদ্ধান্ত লৈছিল । দুয়োটা ঘটনাই জৱাহৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হৈছিল । ইফালে ঘটনাৰ তথ্য পোৱাৰ পিছতে আৰক্ষী আৰু জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় ।

  • অসমৰ ছাত্ৰই ল'লে নিজৰ প্ৰাণ

নগাঁও, অসমৰ ছাত্ৰৰ এনে সিদ্ধান্তৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছাত্ৰজনে কিয় এই সিদ্ধান্ত ল'লে তাৰ কাৰণ জানিব পৰা হোৱা নাই । কিন্তু ২৪ জানুৱাৰীত তেওঁৰ জেইই মেইন পৰীক্ষা আছিল ।

জানিব পৰা মতে, মহাবীৰ নগৰ ফাৰ্ষ্টৰ সন্মুখত অৱস্থিত হোষ্টেলত সংঘটিত হয় ঘটনাটো । ছাত্ৰজনৰ মাতৃ বুধবাৰে অসমৰ পৰা কোটাত উপস্থিত হৈছিল আৰু তাৰ পিছত ছাত্ৰজনৰ হোষ্টেলৰ কোঠালৈ গৈছিল । মাতৃয়ে কোঠাটোৰ দুৱাৰ বন্ধ দেখিছিল আৰু ভিতৰৰ পৰা কোনো উত্তৰ পোৱা নাছিল । তাৰ পিছত হোষ্টেল অপাৰেটৰ আৰু আন লোসকলক মাতি অনা হৈছিল ।

পিছত দুৱাৰখন খোলাৰ পিছত ছাত্ৰজনক মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰিছিল । লগে লগে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । অৱশ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । পিছত এমবিএছ চিকিৎসালয়ৰ মৰ্গলৈ ছাত্ৰজনৰ মৃতদেহ লৈ যোৱা হয় ।

হোষ্টেল অপাৰেটৰ অমিত শ্ৰীবাস্তৱে কয় যে শিক্ষাৰ্থীজনক মাতৃয়ে হাস্পতাললৈ লৈ গৈছিল । কিন্তু পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । এয়া চলিত বছৰৰ ষষ্ঠ ঘটনা । তাৰ ভিতৰত ৫ গৰাকী শিক্ষাৰ্থীয়ে জেইইৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু এজন এনইইটি ইউজিৰ প্ৰস্তুতি চলাই আছিল ।

(টোকা:যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :মোবাইল নিদিয়াৰ বাবে নোহোৱা হ'ল নেকি আছাদ ?

ABOUT THE AUTHOR

...view details