নিউজ ডেস্ক, ২৪ জানুৱাৰী :বুধবাৰে মণিপুৰত অসম ৰাইফলছৰ এজন জোৱানে গুলীয়াই আত্মহত্যা কৰে । আত্মহত্যাৰ পূৰ্বে দক্ষিণ মণিপুৰত জোৱানজনে সহকৰ্মীৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত আন ছয়জন লোক আহত হয় বুলি অসম ৰাইফলছৰ সূত্ৰত প্ৰকাশ । বুধবাৰে অসম ৰাইফলছৰ সঞ্চালক প্ৰধানৰ (আইজিএআৰ) দ্বাৰা প্ৰকাশিত এক বিবৃতি অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত নিয়োজিত অসম ৰাইফলছ বেটেলিয়নত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় ।
আইজিএআৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, আহত আটাইকেইজন জোৱান অনা-মণিপুৰী আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে চুৰাচান্দপুৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অৱশ্যে জোৱানসকলৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।
"মণিপুৰত চলি থকা জাতিগত বিবাদৰ পৰিপ্ৰেক্ষিতত যিকোনো সম্ভাৱ্য উৰাবাতৰি দূৰ কৰিবলৈ আৰু যিকোনো অনুমান পৰিহাৰ কৰিবলৈ ঘটনাৰ বিৱৰণ স্বচ্ছভাৱে প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ ।" আইজিএআৰৰ চৰকাৰী বিবৃতিটোত লগতে কোৱা হৈছে ।