অসম

assam

ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক বাধা দিবলৈ খানাপাৰাত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

By ANI

Published : Jan 23, 2024, 12:25 PM IST

Bharat Jodo Nyay Yatra: আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দশমটো দিন ৷ আজি ৰাহুল গান্ধীয়ে গুৱাহাটী মহানগৰীৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিব ৷ ইয়াৰ পিচতে গান্ধীক বাধা দিবলৈ মহানগৰীৰ খানাপাৰত অসম আৰক্ষীৰ কটকটীয়া বেহু গঢ়ি তোলা হৈছে ৷

Bharat Jodo Nyay Yatra
ভাৰত জোড়ো ন্যায় যাত্ৰা, ৰাহুল গান্ধীক বাধা দিবলৈ খানাপাৰাত অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

গুৱাহাটী, 23 জানুৱাৰী :ৰাজ্যত অব্যাহত আছেৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ মঙলবাৰে এই যাত্ৰাই দশম দিনত ভৰি দিছে ৷ মৰিগাঁৱৰ পৰা গান্ধীয়ে আজি গুৱাহাটীৰ প্ৰৱেশ কৰাৰ কথা আছে ৷ ইয়াৰ পিচতে এতিয়া মহানগৰীৰ প্ৰৱেশদ্বাৰ খানাপাৰাত ৰাহুল গান্ধীক বাধা দিবলৈ অসম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ খানাপাৰাত বেৰিকেড দিয়াৰ লগতে কেইবাশ আৰক্ষী বিষয়া নিযুক্তি দিয়া হৈছে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ X ৰ অফিচিয়েল হেণ্ডেল অনুসৰি, ৰাহুল গান্ধীয়ে গুৱাহাটীত দুপৰীয়া 1.20 বজাত অসমৰ কংগ্ৰেছ সদস্যসকলক সম্বোধন কৰি সংবাদমেল সম্বোধন কৰিব । তাৰ পিচত, এই ন্যায় যাত্ৰা পুনৰ আৰম্ভ হ'ব আৰু ই অসমৰ বিষ্ণুপুৰত এই যাত্ৰা স্থগিত হ’ব ৷

অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়, "ৰাহুল গান্ধীৰ নাম কোনো দুৰ্নীতিৰ গোচৰত নাই ৷ ৰাৱণ কোন ? আজি, সমগ্ৰ দেশতে অসমত মহিলাসকল আটাইতকৈ বেছি অসুৰক্ষিত । গতিকে ৰাৱণ য’তেই থাকে, মহিলাসকল অসুৰক্ষিত হ'ব।"

ইফালে নগাঁৱত ৰাহুল গান্ধীক বাধা প্ৰদান কৰা ঘটনাৰ বিষয়ে সোধাত অসমৰ মুখ্যমন্ত্ৰীয়ে সোমবাৰে কৈছিল, "আপুনি আজি ৰাৱণৰ বিষয়ে কিয় কৈছে ? অন্ততঃ আজি ৰামৰ বিষয়ে কথা পাতক। ৫০০ বছৰৰ পিচত আমাৰ ওচৰত ৰামৰ বিষয়ে কথা পাতিবলৈ সুযোগ আছে। আমি কেৱল তেওঁৰ বিষয়ে কথা পাতিব লাগে, ৰাৱণৰ বিষয়ে নহয়।"

ৰাহুল গান্ধীয়ে সোমবাৰে বটদ্ৰৱা থানত যাবলৈ বাধা প্ৰদান কৰা সন্দৰ্ভত কয়, "মই মন্দিৰলৈ যাব বিচাৰো, ইয়াত কি সমস্যা আছে ? পূৰ্বতে আমাক আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু এতিয়া প্ৰশাসনে কৈছে যে আমি যাব নোৱাৰো । আজি চিৰফ এক ব্যক্তি মন্দিৰত জা সকতা হ্যেয় ৷"

লগতে পঢ়ক:বিজেপি আৰু আৰএছএছে সমাজত ঘৃণা বিয়পাইছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details