নেশ্যনেল ডেস্ক, 11 মে’ :নিজৰ বক্তব্যৰ বাবে সদায়ে সংবাদ শিৰোনামা দখল কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰত উপস্থিত হৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে ৷ পুনৰ এবাৰ সংৰক্ষণ সন্দৰ্ভত তেওঁ কৰা বক্তব্যক লৈ এতিয়া ৰাজনীতি হোৱাটো নিশ্চিত ৷ শনিবাৰে বিহাৰৰ বেগুছৰাইত এখন নিৰ্বাচনী সভাত ভাষণ দি পাটনালৈ উভতি আহে হিমন্ত বিশ্ব শৰ্মা ৷ এই সময়চোৱাত তেওঁ মিত্ৰতাক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয় ৷
‘মুছলমানৰ বাবে সংৰক্ষণৰ অন্ত পৰিব লাগে’:
আচলতে কিছুদিন পূৰ্বে আৰ জে ডি মুৰব্বী লালু প্ৰসাদ যাদৱে মুছলমানৰ বাবে সংৰক্ষণৰ পৰিসৰ বৃদ্ধি কৰাৰ পোষকতা কৰিছিল ৷ যদিও তেওঁ নিজৰ বক্তব্যৰ পৰা ইউ টাৰ্ণ লৈছিল, তথাপিও লালু প্ৰসাদৰ এই বক্তব্যক বিজেপি নেতাসকলে তীব্ৰ সমালোচনা কৰিছে ৷ এই প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়- "মুছলমানে যি সংৰক্ষণ পাই আছে সেয়া শেষ হ'ব লাগে বুলি আমি বিশ্বাস কৰোঁ ৷"
‘ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰিব নোৱাৰি’:
অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কর্ণাটক, বেংগালুৰু আৰু অন্ধ্ৰ প্ৰদেশতো মুছলমানে যি সংৰক্ষণ পাই আছে সেই সংৰক্ষণৰ অন্ত পেলাব লাগে ৷ লালু প্ৰসাদ যাদৱৰ বক্তব্যৰ উদ্ধৃতি দি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতত ধৰ্মৰ ভিত্তিত সংৰক্ষণ থাকিব নোৱাৰে ৷ যিয়ে বাবা চাহেবৰ বিৰুদ্ধে যাব, আমি তেওঁলোকৰ সৈতে যুঁজিম ৷"