হৰিদ্বাৰ : পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে সকলোতে প্ৰস্তুতি দেখা গৈছে । এই সময়ত বহুতে পৰিয়ালৰ সৈতে বনভোজ অথবা ভাল লগা ঠাইলৈ গৈছে আৰু সময় কটাইছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ব্যস্ততা এৰি পৰিয়ালৰ সৈতে সময় কটোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডত উপস্থিত হৈছে । তাৰ মাজতে দেওবাৰে বিয়লি তেওঁ শ্ৰীনাৰায়ণী শিলা (প্ৰেত শিলা) মন্দিৰত ভগৱান নাৰায়ণৰ ওচৰত পূজা আগবঢ়ায় । তেওঁ সকলোৰে সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।
প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹মনমোহন সিঙৰ বিদায় যাত্ৰা বিতৰ্ক
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অন্তিম বিদায় যাত্ৰাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মন্দিৰ দৰ্শনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং দেশৰ এগৰাকী ডাঙৰ নেতা আছিল । তেওঁ দেশৰ বাবে বহু সেৱা কৰিছে । কিন্তু তেওঁৰ অন্তিম যাত্ৰাত কংগ্ৰেছে যি ৰাজনীতি কৰিলে সেয়া তেওঁলোকৰ বেয়া মানসিকতাৰ পৰিচয় ।" তেওঁ লগতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দেশৰ প্ৰতি থকা সেৱাৰ বাবে সকলোৱে বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল ।
অসমৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কংগ্ৰেছে পি ভি নৰসিংহ ৰাও, প্ৰণৱ মুখাৰ্জীক সন্মান নিদিয়ে ।" কংগ্ৰেছ তথা ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ লগতে কয় যে কংগ্ৰেছৰ হাতত বৰ্তমান কোনো ৰাজনৈতিক বিষয় নাই । যিগৰাকী লোকে দেশৰ বাবে সেৱা কৰিছে তেওঁৰ বিদায় অনুষ্ঠান বিশাল হ'ব লাগিছিল । তাতো কংগ্ৰেছে ৰাজনীতি কৰিছে । প্ৰধানমন্ত্ৰী হিচাপে ড৹ মনমোহন সিঙক ৰাহুল গান্ধীয়ে কিমান অপমান কৰিছিল সেয়া ৰাইজৰ মনত আছে বুলিও মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ।
মোহন ভাগৱতৰ মন্দিৰ-মছজিদ বিতৰ্ক
প্ৰতিটো মছজিদত মন্দিৰ বিচাৰি পোৱা সম্পৰ্কীয় মোহন ভাগৱতৰ মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা কোনো প্ৰশ্নৰে উত্তৰ নিদিলে ড৹ শৰ্মাই ৷ তেওঁ কেৱল কয়, "মোহন ভাগৱত মোৰ পূজনীয় । তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়াটো মোৰ বাবে সম্ভৱ নহয় ।"