অসম

assam

ETV Bharat / bharat

নাগালেণ্ডৰ মহিলা সাংসদক অসৎ আচৰণ ! ড৹ শৰ্মাই ক'লে- ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে - ASSAM CM ON RAHUL GANDHI

নাগালেণ্ডৰ সাংসদগৰাকীৰ প্ৰতি তেওঁৰ আচৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ ৰাহুল গান্ধীৰ ওপৰত ক্ষুব্ধ হৈছে । এই মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam CM Sarma demands apology from Rahul Gandhi for his alleged misconduct towards Nagaland woman MP
ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী অসমৰ মুখ্য়মন্ত্ৰীৰ (ANI)

By ANI

Published : Dec 20, 2024, 10:40 AM IST

গুৱাহাটী :বৃহস্পতিবাৰে ৰাজ্যসভাৰ বিজেপিৰ সাংসদ নাগালেণ্ডৰ এছ ফাংনন কন্যাকৰ সৈতে কৰা অসৎ আচৰণৰ বাবে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

"নাগালেণ্ডৰ সাংসদগৰাকীৰ প্ৰতি তেওঁৰ আচৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ ৰাহুল গান্ধীৰ ওপৰত ক্ষুব্ধ হৈছে । সেয়ে ৰাহুল গান্ধীয়ে তেওঁৰ ওচৰত ক্ষমা খুজিব লাগিব...৷" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই কয়, "আজি ৰাহুল গান্ধীয়ে সংসদত যি কৰিলে - দুগৰাকী জ্যেষ্ঠ সাংসদক আঘাত দি নাগালেণ্ডৰ এগৰাকী সন্মানীয় সাংসদ আমাৰ এগৰাকী ভগ্নীক চিঞৰিলে - সেয়া অতি আমনিদায়ক । তেওঁ ক্ষমা খুজিব লাগে ।"

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত INDIA bloc আৰু NDAৰ সমান্তৰাল প্ৰতিবাদৰ কথা কৈছিল কন্যাকে । প্ৰতিবাদৰ সময়তে কাজিয়া সংঘটিত হয় ৷ ফলত বিজেপিৰ দুজন সাংসদ আহত হয় ।

লগতে পঢ়ক :ৰাহুলৰ ঠেলাত লুটি খাই পৰিল কোন ? আম্বেদকাৰক অপমান প্ৰসংগক লৈ সংসদৰ বাহিৰ-ভিতৰ উত্তাল

"মই এই কথা অন্তৰেৰে কৈছো, যাৰ বাবে মই ইতিমধ্যে আপোনালোকৰ সুৰক্ষা বিচাৰিছো, আজি প্ৰতিবাদ কৰি থাকোতে, শান্তিপূৰ্ণ প্ৰতিবাদেই হৈ আছিল । মই মকৰ দ্বাৰৰ চিৰিৰ ঠিক তলত থিয় হৈ আছিলো । মোৰ কিবা এটা হ'ল আৰু সঁচাকৈয়ে হতাশ অনুভৱ কৰিছো । ৰাহুল গান্ধী মোৰ সঁচাকৈয়ে ওচৰলৈ আহিছিল আৰু মই সঁচাকৈয়ে অস্বস্তি অনুভৱ কৰিছিলো আৰু তেওঁ মোৰ ওপৰত চিঞৰিছিল ।’’ সংসদত এইদৰে কয় সাংসদ কন্যাকে ।

এই সন্দৰ্ভত জাননী দাখিল কৰি তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ পৰাও নিৰাপত্তা বিচাৰিছিল । তেওঁ কয়, "মই ভাবিছিলো যে আজি তেওঁৰ এই কাৰ্যবোৰ বৰ বেয়া আছিল আৰু ইয়াৰ বাবে মই হতাশ হৈছো ৷ মইতো বাদেই, কোনো মহিলা সদস্যক তেনে অনুভৱ কৰাব নালাগে । গতিকে এই বিষয়ত মই আপোনালোকৰ সুৰক্ষা বিচাৰিছো, যাৰ বাবে মই আপোনালোকক অৱগত কৰিছো । ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে (ৰাজ্যসভাৰ অধ্যক্ষলৈ)।" (ANI)

লগতে পঢ়ক :সংসদত শাসক-বিৰোধীৰ হতাহতি বিতৰ্ক; উভয় পক্ষৰে এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details