নতুন দিল্লী :ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত বাস কৰা লোকসকলৰ বাবে এক বেয়া খবৰ । শনিবাৰে চহৰখনত বায়ু গুণমান সূচক (এ কিউ আই) পুনৰ 'গুৰুতৰ' শ্ৰেণীত উপনীত হয় । যাৰ ফলত ধোঁৱা আৰু কুঁৱলীৰ এক ডাঠ আৱৰণ লৈ দিল্লীবাসীয়ে শনিবাৰে পুৱা বিছনা এৰিবলগা হয় ।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চি পি চি বি) তথ্য অনুসৰি, দিল্লীত পুৱা ৮ বজাত ৰেকৰ্ড কৰা এ কিউ আই আছিল 420 । আনন্দ বিহাৰত এ কিউ আই 457 হিচাপে ৰেকৰ্ড কৰা হয় । আনহাতে, চি পি চি বিৰ তথ্য অনুসৰি, শনিবাৰে পুৱা 8 বজাত অশোক বিহাৰত 455, চান্দনী চ'কত 439 আৰু আৰ কে পুৰমত এ কিউ আই 421 ৰেকৰ্ড কৰা হৈছে, যিটো 'গুৰুতৰ' শ্ৰেণীত পৰে ।
উল্লেখ্য যে 0-50ৰ মাজত থকা এ কিউ আই ভাল বুলি গণ্য কৰা হয়, 51-100 সন্তোষজনক, 101-200 মধ্যমীয়া, 201-300 শোচনীয়, 301-400 অতি শোচনীয় আৰু 401-500ৰ এ কিউ আই গুৰুতৰ হিচাপে ধৰা হয় । ইয়াৰ ওপৰত হ'লে ইয়াক গুৰুততকৈ অধিক বুলি গণ্য কৰা হয় ।